সুনীতা উইলিয়ামছে মহাকাশ অভিযানৰ সময়ত নাছাই আগবঢ়োৱা নিয়মিত দৰমহা আৰু অন্যান্য সা-সুবিধা লাভ কৰে। কিন্তু নাছাত অভাৰটাইম পেমেণ্টৰ ব্যৱস্থা নাই। আকস্মিক ঘটনাৰ বাবে নাছাৰ কৰ্মচাৰীয়ে দৈনিক ৪ ডলাৰকৈ অতিৰিক্ত ভাট্টা লাভ কৰে। ভাৰতীয় টকাৰ হিচাপত মহাকাশত কটোৱা প্ৰতিটো অতিৰিক্ত দিনৰ বাবে সুনীতা উইলিয়ামছে লাভ কৰিব মাত্ৰ ৩৪৭ টকাকৈ। সেই অনুসৰি মহাকাশত থকা ২৮৬ দিনৰ হিচাপত সুনীতাই ১১৪৪ ডলাৰ বা প্ৰায় ১ লাখ টকা লাভ কৰিব। অতিৰিক্ত সময় বাদ দি সাধাৰণতে আমেৰিকাৰ GS-15 পে’ গ্ৰেডৰ অধীনত দৰমহা দিয়া হয়। অৱশ্যে নাছাই আনুষ্ঠানিকভাৱে এই তথ্য প্ৰকাশ কৰা নাই।