আছু-উন্নতি সভা-অসম সেনাৰ আহ্বানত ১৮ মাৰ্চত ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী সজাগতা সমদল

অসমৰ ভৱিষ্যৎ ৰক্ষাৰ্থে, অসমক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে সদৌ অসম ছাত্র সন্থা, অসম উন্নতি সভা আৰু অসম সেনাৰ আহ্বানত ১৮ মার্চ তাৰিখে ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী সজাগতা সমদল কৰা হ’ব। ১৮ মার্চ তাৰিখে সমগ্র অসমৰ প্ৰতিখন জিলাৰ সদৰত এই ড্ৰাগছ বিৰোধী সমদল কৰা হ’ব। সদৌ অসম ছাত্র সন্থাই চলাই থকা ড্ৰাগছ বিৰোধী সজাগতা অভিযানৰ অংশ হিচাপে ১৮ মার্চ তাৰিখে ছাত্ৰ সন্থা, উন্নতি সভা আৰু অসম সেনাই এই ড্ৰাগছ বিৰোধী সজাগতা সমদল কার্যসূচী গ্রহণ কৰিছে। ছাত্ৰ সন্থাৰ অতি স্পষ্ট আৰু দৃঢ় মত- ‘অসমৰ ভৱিষ্যৎ প্রজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে অসম ড্রাগছ মুক্ত হ’বই লাগিব।’

ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন; অসম উন্নতি সভাৰ সভাপতি ড° সমুজ্জল ভট্টাচার্য, সাধাৰণ সম্পাদক শৰৎ হাজৰিকা আৰু অসম সেনাৰ মুখ্য সম্পাদক বিজয় শঙ্কৰ বৰদলৈয়ে এই বিষয়ত কয়- অসমত ড্ৰাগছৰ ব্যাপক প্রচলন চিন্তনীয় বিষয় হৈ পৰিছে। ড্ৰাগছৰ কৱলত পৰি নতুন প্রজন্মৰ একাংশই ধ্বংসৰ মুখলৈ গতি কৰিছে। ই অসমৰ অন্ধকাৰ ভৱিষ্যতৰ ইংগিত কঢ়িয়াই আনিছে। এনে পৰিস্থিতিৰ সন্মুখীন হোৱা পৰিয়ালত সাংসাৰিক অশান্তি তথা অনিশ্চয়তাৰ সৃষ্টি হৈছে। পিতৃ-মাতৃ আৰু পৰিয়াল মানসিক দুঃচিন্তাত পৰিছে। অপৰাধ জনিত ঘটনা সংঘটিত হ’বলৈ ধৰিছে। ড্ৰাগছে অসমৰ সামাজিক, অর্থনৈতিক কাঠামো ভাঙি চুৰমাৰ কৰি পেলাব।
অসম চৰকাৰে ৰাজ্যখনত অবিৰত ফলপ্রসু ড্ৰাগছ বিৰোধী অভিযান চলাব লাগিব। ড্রাগছ যোগানকাৰীসকলক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্রদান কৰিব লাগিব। অসমলৈ ড্ৰাগছ অহাৰ উৎস আৰু ড্ৰাগছ অহাৰ বাট নিঃশেষ কৰি পেলাব লাগিব।

অসমৰ নতুন প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে অসমৰ সমাজ জীৱনেও ড্ৰাগছৰ বিৰুদ্ধে জাগ্রত ভূমিকা ল’ব লাগিব। সামাজিক অনুষ্ঠানসমূহে ড্রাগছৰ বিৰুদ্ধে সক্রিয় কাৰ্যসূচী গ্ৰহণ কৰাৰ প্ৰয়োজন আহি পৰিছে। ড্রাগছ বিৰোধী সজাগতা অভিযানত ছাত্র সন্থাই অসমৰ মাতৃসমাজ, মহিলা সংগঠন আৰু শিক্ষক সমাজ, শিক্ষক সংগঠনৰ অভিভাৱকত্ব বিচাৰিছে। অসমৰ চুবুৰীয়ে-চুবুৰীয়ে, গাঁৱে-গাঁবে, চহৰে-নগৰে ড্ৰাগছ বিৰোধী সজাগতা অভিযানৰ সুনির্দিষ্ট পদক্ষেপ গ্রহণৰ প্রয়োজন আহি পৰিছে। ছাত্ৰ সন্থা, উন্নতি সভা আৰু অসম সেনাই ৰাইজৰ অভিভাৱকত্বত এই ড্রাগছ বিৰোধী সজাগতা অভিযান আগুৱাই নিবলৈ পৰিকল্পনা কৰিছে। অসম ড্রাগছমুক্ত হ’বই লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...