২৬ মাৰ্চত আৰ আৰ-কে কে আৰৰ গুৱাহাটীৰ মেচলৈ শ্বাহৰূখ

২৬ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল]ৰ মেচখনলৈ যিসকল VVIPক আমন্ত্ৰণ জনোৱা হৈছে তাৰ ভিতৰত অন্যতম হ’ল বলীউদৰ ছুপাৰষ্টাৰ শ্বাহৰূখ খান৷ ৰাজস্থান ৰয়েলছ দলৰ পৰা এই আমন্ত্ৰণ জনোৱা হৈছে শ্বাহৰুখক৷ ইফালে, RRৰ আমন্ত্ৰণ ৰক্ষা কৰি বাদশ্বাহ শ্বাহৰুখ খানে গুৱাহাটীলৈ অহাৰ ইচ্ছাও প্ৰকাশ কৰিছে৷ উল্লেখ্য যে শ্বাহৰুখ KKR দলৰ অন্যতম স্বত্বাধিকাৰী৷

অসমক দ্বিতীয় ঘৰ হিচাপে লোৱা ৰাজস্থান ৰয়েলছে আসন্ন IPLৰ ঘৰুৱা মেচৰ আৰম্ভনি গুৱাহাটীৰ পৰাই কৰিব৷ IPLৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰয়েলছে অহা ২৬ মাৰ্চত গুৱাহাটীত প্ৰথমখন ঘৰুৱা মেচত KKRৰ মুখামুখি হোৱাৰ বিপৰীতে ৩০ মাৰ্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে ACA ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব৷ আৰ আৰ দলে ইয়াৰপূৰ্বে হায়দৰাবাদত ছানৰাইজাৰ্ছৰ বিৰুদ্ধে অহা ২৩ মাৰ্চত প্ৰথমখন মেচ খেলি নতুন ছিজনৰ অভিযান আৰম্ভ কৰিব৷ কিন্তু গুৱাহাটীত প্ৰথম ঘৰুৱা মেচ খেলাৰ বাবে আৰে আৰে কেবাগৰাকীও বিশেষ অতিথিক আমন্ত্ৰণ জনাইছে৷

ইফালে, কাইলৈৰ পৰা ৰাজস্থান ৰয়েলছৰ জয়পুৰত ফাইনেল অনুশীলন শিবিৰ আৰম্ভ হ’ব৷ এই শিবিৰত দলটোৰ সকলো ক্ৰিকেটাৰে অংশ ল’ব৷ ইয়াৰ পূৰ্বে গুৱাহাটীত হোৱা শিবিৰত দলৰ একাংশ ক্ৰিকেটাৰেহে ভাগ লৈছিল৷ ইফালে RR দলৰ বিদেশী ক্ৰিকেটাৰ ৱেষ্ট ইণ্ডিজৰ ছিমৰণ হেটমিয়েৰ আহি জয়পুৰত উপস্থিত হৈছে৷ ভাৰতীয় ক্ৰিকেটাৰসকলো আজি নিশা উপস্থিত হোৱাৰ বিপৰীতে বিদেশী খেলুৱৈসকল কাইলৈ আহিব৷

উল্লেখ্য যে এইবাৰ অভিলেখ সংখ্যক দৰ্শকে গুৱাহাটীৰ উভয় IPL মেচ উপভোগ কৰিব৷ কাৰণ দুয়োখন মেচৰে অনলাইন টিকট দ্ৰুতগতিত দৰ্শকে ক্ৰয় কৰিছে৷ অহা ৩০ মাৰ্চত হ’বলগা চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ দ্বিতীয়খন IPL মেচৰ টিকট এতিয়া সাত হাজাৰতকৈয়ো কম বিক্ৰী হ’বলৈ বাকী আছে৷ আনহাতে গুৱাহাটীত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ IPL প্ৰথম মেচখনৰ টিকটো ইতিমধ্যে ৬০ শতাংশ বিক্ৰR হৈছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...