উগ্ৰপন্থীৰ দলে হাইজেক কৰিলে যাত্ৰীবাহী ৰে’ল

পাকিস্তানত ভয়ংকৰ ঘটনা। এখন যাত্ৰীবাহী ৰে’লকে হাইজেক কৰিলে উগ্ৰপন্থীৰ দলে। চাৰি শতাধিক যাত্ৰীসহ জাফৰ এক্সপ্ৰেছ হাইজেক বালুচ লিবাৰেশ্যন আৰ্মীৰ। কুৱেট্টাৰ পৰা পেছোৱাৰলৈ গৈ থকা অৱস্থাতেই ব’লান জিলাত হাইজেক কৰা হয় ৰে’লখন। ৰে’লখনৰ চালকক গুলীয়াই আহত কৰি ৰে’ল ৰখাইছিল জনশূন্য স্থানত। প্ৰাপ্ত খবৰ অনুসৰি BLA উগ্ৰপন্থীৰ গুলীত ৰে’লত থকা ১১জনকৈ নিৰাপত্তাৰক্ষীৰ মৃত্যু। ৰে’লখনৰ ভিতৰত আছে প্ৰায় ডেৰশ পাকিস্তানী সেনা। সশস্ত্ৰ সেনাই অভিযান চলালে অপহৃতসকলক হত্যা কৰা হ’ব বুলি ভাবুকি BLAৰ। বালুচিস্তানৰ চিকিৎসালয় আদিত জৰুৰীকালীন অৱস্থা ঘোষণাৰে কৰা হৈছে সাজু। পাকিস্তানৰ ৰে’ল অপহৰণৰ ঘটনাক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ সৌভাগ্যশালী যাত্ৰী ৰমেশ বিশ্বাস কুমাৰ

বৃহস্পতিবাৰে আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত...

১০ মিনিট দেৰি কৰাৰ বাবে ফ্লাইটখন মিছ কৰিছিল এইগৰাকী সৌভাগ্যশালী মহিলাই

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এয়াৰ...

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা : ৮,২০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছিল কেপ্তেইন সুমিত ছভাৰৱালৰ

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এটা...

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰৰ কাৰিকৰী সমস্যাৰ ইতিহাস

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰ, যি এখন অত্যাধুনিক বাণিজ্যিক বিমান হিচাপে...