২৬ মাৰ্চত আৰ আৰ-কে কে আৰৰ গুৱাহাটীৰ মেচলৈ শ্বাহৰূখ

২৬ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল]ৰ মেচখনলৈ যিসকল VVIPক আমন্ত্ৰণ জনোৱা হৈছে তাৰ ভিতৰত অন্যতম হ’ল বলীউদৰ ছুপাৰষ্টাৰ শ্বাহৰূখ খান৷ ৰাজস্থান ৰয়েলছ দলৰ পৰা এই আমন্ত্ৰণ জনোৱা হৈছে শ্বাহৰুখক৷ ইফালে, RRৰ আমন্ত্ৰণ ৰক্ষা কৰি বাদশ্বাহ শ্বাহৰুখ খানে গুৱাহাটীলৈ অহাৰ ইচ্ছাও প্ৰকাশ কৰিছে৷ উল্লেখ্য যে শ্বাহৰুখ KKR দলৰ অন্যতম স্বত্বাধিকাৰী৷

অসমক দ্বিতীয় ঘৰ হিচাপে লোৱা ৰাজস্থান ৰয়েলছে আসন্ন IPLৰ ঘৰুৱা মেচৰ আৰম্ভনি গুৱাহাটীৰ পৰাই কৰিব৷ IPLৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰয়েলছে অহা ২৬ মাৰ্চত গুৱাহাটীত প্ৰথমখন ঘৰুৱা মেচত KKRৰ মুখামুখি হোৱাৰ বিপৰীতে ৩০ মাৰ্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে ACA ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব৷ আৰ আৰ দলে ইয়াৰপূৰ্বে হায়দৰাবাদত ছানৰাইজাৰ্ছৰ বিৰুদ্ধে অহা ২৩ মাৰ্চত প্ৰথমখন মেচ খেলি নতুন ছিজনৰ অভিযান আৰম্ভ কৰিব৷ কিন্তু গুৱাহাটীত প্ৰথম ঘৰুৱা মেচ খেলাৰ বাবে আৰে আৰে কেবাগৰাকীও বিশেষ অতিথিক আমন্ত্ৰণ জনাইছে৷

ইফালে, কাইলৈৰ পৰা ৰাজস্থান ৰয়েলছৰ জয়পুৰত ফাইনেল অনুশীলন শিবিৰ আৰম্ভ হ’ব৷ এই শিবিৰত দলটোৰ সকলো ক্ৰিকেটাৰে অংশ ল’ব৷ ইয়াৰ পূৰ্বে গুৱাহাটীত হোৱা শিবিৰত দলৰ একাংশ ক্ৰিকেটাৰেহে ভাগ লৈছিল৷ ইফালে RR দলৰ বিদেশী ক্ৰিকেটাৰ ৱেষ্ট ইণ্ডিজৰ ছিমৰণ হেটমিয়েৰ আহি জয়পুৰত উপস্থিত হৈছে৷ ভাৰতীয় ক্ৰিকেটাৰসকলো আজি নিশা উপস্থিত হোৱাৰ বিপৰীতে বিদেশী খেলুৱৈসকল কাইলৈ আহিব৷

উল্লেখ্য যে এইবাৰ অভিলেখ সংখ্যক দৰ্শকে গুৱাহাটীৰ উভয় IPL মেচ উপভোগ কৰিব৷ কাৰণ দুয়োখন মেচৰে অনলাইন টিকট দ্ৰুতগতিত দৰ্শকে ক্ৰয় কৰিছে৷ অহা ৩০ মাৰ্চত হ’বলগা চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ দ্বিতীয়খন IPL মেচৰ টিকট এতিয়া সাত হাজাৰতকৈয়ো কম বিক্ৰী হ’বলৈ বাকী আছে৷ আনহাতে গুৱাহাটীত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ IPL প্ৰথম মেচখনৰ টিকটো ইতিমধ্যে ৬০ শতাংশ বিক্ৰR হৈছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত। ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাই...

হঠাতে চেনি খোৱা বন্ধ কৰিলে শৰীৰত কি কি সমস্যা হ’ব পাৰে?

চেনি নোখোৱাটো সদায় স্বাস্থ্যৰ বাবে ভাল। কিন্তু হঠাৎ চেনি...

ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ পিছতে প্ৰকাশ পালে উপগ্ৰহৰ প্ৰথমখন ছবি

দেওবাৰ পুৱতি নিশা (ভাৰতীয় সময় অনুসৰি) ইৰাণৰ তিনিটা পৰমাণু...

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক। ইংলেণ্ডৰ বাৰ্মিংহামৰ পৰা বিমানখন দিল্লীলৈ...