ভাৰতীয় দললৈ পুনৰ প্ৰত্যাৱৰ্তন সুনীল ছেত্ৰীৰ

অল ইণ্ডিয়া ফুটবল ফেডাৰেচনে ঘোষণা কৰিছে যে, ভাৰতৰ প্ৰাক্তন অধিনায়ক সুনীল ছেত্ৰীয়ে এই মাহত মালদ্বীপ আৰু বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া ফিফা আন্তৰ্জাতিক Window মেচৰ বাবে জাতীয় দললৈ পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছে। ইয়াৰ পূৰ্বে ছেত্ৰীয়ে বিগত বছৰৰ জুন মাহত কুৱেইটৰ বিৰুদ্ধে তেওঁৰ শেষ মেচ খেলি আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰিছিল। কিন্তু, এএফচি এছিয়ান কাপ চৌদি আৰৱ ২০২৭ৰ তৃতীয় ৰাউণ্ডৰ বাছনি পৰ্বৰ পূৰ্বে এই সময়ত ছেত্ৰীৰ প্ৰত্যাৱৰ্তন এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে পৰিগণিত হৈছে। ভাৰতে ১৯ মাৰ্চত শ্বিলঙত মালদ্বীপৰ বিৰুদ্ধে এখন প্ৰীতি মেচ খেলিব, তাৰ পিছত একেটা স্থানতে বাংলাদেশৰ সৈতে তেওঁলোকৰ প্ৰথমখন বাছনি মেচত অংশগ্ৰহণ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেৰালামৰ নতুন মুখ্যমন্ত্ৰী ভি ডি সথীছন

কেৰালামৰ নতুন মুখ্যমন্ত্ৰী ভি ডি সথীছন।AICCএ ঘোষণা কৰিলে নতুন...

মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতে কামাখ্যা ধামত মুখ্যমন্ত্ৰী

দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত ল’লে হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰী হিচাপে...

অসমীয়া খিলঞ্জীয়া ভূমি পুত্ৰৰ কথা চিন্তা কৰিব পৰা নাই গৌৰৱ গগৈয়ে : বিধায়ক ভূপেন বৰা

কেবিনেটত UCC বিধেয়কক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তপ্ৰথমখন অধিৱেশনতে উত্থাপন কৰা...

কাছাৰৰ জিৰিঘাট আৰক্ষীৰ এনকাউণ্টাৰ

আৰক্ষীৰ গুলীত নিহত কুখ্যাত ড্ৰাগছ মাফিয়া।অসম-মণিপুৰ সীমান্তত ড্ৰাগছ মাফিয়াৰ...