গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিজিটিং প্ৰফেচাৰ হিচাপে মনোনীত ময়ূৰ বৰা

মননশীল লেখক, সুবক্তা ময়ূৰ বৰাক গুৱাহাটী বিশ্ববিদ্যালয়ে ভিজিটিং প্ৰফেচাৰ হিচাপে মনোনীত কৰিছে৷ অসমীয়া আৰু ইংৰাজী মিলি ১৮খন ভাৱোদ্দীপক গ্ৰন্থৰ প্ৰণেতা ময়ূৰ বৰাই প্ৰায়বোৰ গ্ৰন্থৰ জৰিয়তে দীৰ্ঘদিন ধৰি অসমীয়া সমাজৰ বহুবোৰ প্ৰথাগত চিন্তা আৰু ৰক্ষণশীল মনোভাৱক যুক্তিৰে বিৰোধিতা কৰি সচেতন ৰাইজৰ মাজত এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে। অসমীয়া-ইংৰাজী দুয়োটা ভাষাতে ভাষণ দিয়াৰ উপৰিও সুন্দৰ ৰসবোধেৰে সকলোকে আকৰ্ষিত কৰি আহিছে। ২০২১ চনত আমেৰিকাৰ নৰ্থ কেৰলিনা ষ্টেট ইউনাভাৰ্চিটীৰ ছাত্ৰ সমাজৰ আগত অসম আৰু অসমীয়াৰ গৰিমা সম্পৰ্কে ভাষণ দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা বৰাই ২০২৪ চনৰ জুন-জুলাই মাহতো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছয়খন চহৰত আঠটা বক্তৃতা প্ৰদান কৰে। নাবাৰ্ডৰ দৰে এটা কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষস্থানীয় বেংকৰ জ্যেষ্ঠ বিষয়া হিচাপে ২৫ বছৰতকৈও অধিক কাল ভাৰতৰ বিভিন্ন ঠাইত কাৰ্যনিৰ্বাহ কৰি ২০২১ চনত স্বেচ্ছাই অৱসৰ লোৱা ময়ূৰ বৰাৰ বিপুল অভিজ্ঞতাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষকসমাজ আৰু ছাত্ৰসমাজ উভয়কে সমৃদ্ধ কৰিব পাৰিব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...