যৌতুকৰ বাবে পত্নীক হ*ত্যা! ৭০ হাজাৰ টকা দি মৃতদেহ লৈ যাবলৈ ক’বলৈ শাহুৱেকক

ফেচবুক প্ৰেমৰ ভয়ংকৰ পৰিণতি। প্ৰথমে প্ৰেম তাৰ পিছত বিবাহ, শেষত যৌতুকৰ বাবে কৰিলে অত্যাচাৰ। যৌতুক নোপোৱাত পত্নীক হত্যা কৰি নৰাধম ওচমান আলীয়ে শাহুৱেকক বিচাৰিলে ৭০হাজাৰ টকা। পইচা দি লৈ যাবলৈ ক’লে মৃতদেহ। আচৰিত যেন লাগিলেও এইখন অসমতে সংঘটিত হৈছে এই জঘন্য ঘটনা।

মানুহ কিমান জঘন্য মানসিকতাৰ হ’ব পাৰে? কিমান অধম হ’লে যৌতুক নাইবা টকাৰ বাবেই মানুহে ল’ব পাৰে মানুহৰ প্ৰাণ? শেহতীয়াকৈ সংঘটিত হোৱা এটা ঘটনাই এনে কেতবোৰ প্ৰশ্নকেই উত্থাপন কৰিছে। শ্ৰীভূমি জিলাৰ নিভিয়াৰ ওচমান আলী নামৰ এটা নৰাধমৰ ভয়ংকৰ কাণ্ড। পত্নীক হত্যা কৰাৰ পিছত শাহুৱেকলৈ ভিডিঅ’ পঠিয়াই দাবী কৰিলে ৭০হাজাৰ টকা। জানিব পৰা মতে, ওচমান আলীয়ে পত্নী ৰাবিয়া বেগমৰ পৰিয়ালক যৌতুক দাবী কৰি আহিছিল। কেইদিনমান পূৰ্বে বেংগালুৰুৰ পৰা ৰাবিয়াক নিৰ্যাতনৰ ভিডিঅ’ প্ৰেৰণ কৰিছিল ৰাবিয়াৰ মাতৃলৈ। তাৰ পিছদিনাই প্ৰেৰণ কৰিলে কাপোৰেৰে ঢাকি থোৱা এটা মৃতদেহৰ ফটো। ওচমানৰ দাবী সেয়া পত্নী ৰাবিয়া বেগমৰ মৃতদেহ। ওচমানৰ এই দাবীক লৈ ৰাবিয়াৰ পৰিয়ালত হাহাকাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...