সুৰাই হ’ল কাল! বন্ধুৱে প্ৰাণ ল’লে বন্ধুৰ

সোমবাৰে বিয়লিৰ ভাগত মহানগৰীৰ মালিগাঁৱত উদ্ধাৰ হোৱা মৃতদেহৰ পৰিচয় উদ্ধাৰ। মৃত লোকজনৰ নাম ইন্দ্ৰ চাংমা। কালাপানী গাৰোবস্তিৰ পাহাৰীয়া দুৰ্গম অঞ্চলত উদ্ধাৰ হৈছিল লোকজনৰ মৃতদেহ। আনফালে আৰক্ষীৰ জালত পৰিছে ইন্দ্ৰ চাংমাৰ হত্যাকাৰী। ২বন্ধুৱে হত্যা কৰিছিল ইন্দ্ৰ চাংমাক। বন্ধুৰ ঘৰত খানা খাবলৈ গৈছিল মৃত লোকজন। তাতেই ২বন্ধুৰ সৈতে সুৰাপান কৰিছিল লোকজনে। সুৰাপান কৰি উঠা পিছতো ইন্দ্ৰ চাংমাই পুনৰ বিচাৰিছিল সুৰা। তাৰ পিছতেই তেওঁলোকৰ মাজত সূত্ৰপাত হৈচিল কাজিয়াৰ। দুই বন্ধুৱে গুৰুতলাগুৰুলকৈ প্ৰহাৰ কৰিছিল লোকজনক। ঠেলা হেঁচাত শিলত মুখ দি পৰিছিলগৈ ইন্দ্ৰ চাংমা নামৰ লোকজন। শিলত খুন্দা খাই মুখ আৰু মূৰৰ পৰা ওলাই আহিছিল তেজ। পিছত অট’ত উঠাই পাহাৰীয়া দুৰ্গম অঞ্চলটোলৈ নি পেলাই দিয়া হৈছিল মৃতদেহ। সম্প্ৰতি দুই হত্যাকাৰীক ৰখা হৈছে জালুকবাৰীত। গ্ৰেপ্তাৰ হোৱা দুই বন্ধুৰ নাম সুনিল মাৰাক আৰু বিকাশ মাৰাক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...