কথাবোৰ আধৰুৱা হৈয়ে ৰ’ল! প্ৰেমিকৰ সৈতে পলাই গৈ বাইক দুৰ্ঘটনাত নিহত যুৱতী

কিমান যে সপোন! দীৰ্ঘদিনীয়া প্ৰেম আছিল দুয়োৰে। দেখিছিল এক হোৱাৰ সপোন। কথা আছিল সুখে-দুখে একেলগে থকাৰ! কথা আছিল ধুমুহাৰ মাজতো ইজনে-সিজনৰ হাতখন খামুচি থকাৰ! মাঘতেই প্ৰেমিকাৰ উকা কপালখন ৰঙা কৰাৰ কথা আছিল সেন্দুৰেৰে। সেই সপোনটোকেই দিঠক কৰিবলৈ পলাই গুচি গৈছিল দুয়ো। কোনে জানিছিল কথাবোৰ যে আধৰুৱা হৈয়ে ৰ’ব। চিৰদিনৰ বাবে আধৰুৱা হৈ ৰ’ল শচীন-জোনমণিৰ প্ৰেম কাহিনী।

চিলাপথাৰত হৃদয়বিদাৰক ঘটনা। প্ৰেমিকৰ সৈতে পলাই গৈ বাইক দুৰ্ঘটনাত নিহত যুৱতী। নিহত যুৱতীগৰাকী দাম্বুক বলুকাগুৰিৰ জোনমণি মেদক। ভাঙিদিয়া গাওঁৰ শচীন দলেৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল জোনমণিৰ। দেওবাৰে বিয়া পতাৰ উদ্দ্যেশে বাইকৰে পলায়ন কৰিছিল প্ৰেমিক যুগল। নিশা প্ৰায় ১০ বজাত পুমি নামৰ গাঁওখনত দুৰ্ঘটনাত পতিত হয় দুয়ো। দুৰ্ঘটনাত থিতাতে নিহত হয় জোনমণি। আনফালে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় শচীন দলে। বৰ্তমান ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে শচীন দলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...

‘বন্দে মাতৰম’ গোৱাত বাধা দিলে হ’ব শাস্তি: বিধেয়কত ৰাষ্ট্ৰপতিৰ সন্মতি

‘বন্দে মাতৰম’ গোৱাত ইচ্ছাকৃতভাৱে বাধা প্ৰদান কৰা বা গীত...

ধৰ্ষণ আৰু অপৰাধমূলক ভাবুকিৰ গোচৰত গ্ৰেপ্তাৰ IPLৰ ক্ৰিকেটাৰ অভিষেক পোৰেল

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (IPL)-ত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক...