সুৰাই হ’ল কাল! বন্ধুৱে প্ৰাণ ল’লে বন্ধুৰ

সোমবাৰে বিয়লিৰ ভাগত মহানগৰীৰ মালিগাঁৱত উদ্ধাৰ হোৱা মৃতদেহৰ পৰিচয় উদ্ধাৰ। মৃত লোকজনৰ নাম ইন্দ্ৰ চাংমা। কালাপানী গাৰোবস্তিৰ পাহাৰীয়া দুৰ্গম অঞ্চলত উদ্ধাৰ হৈছিল লোকজনৰ মৃতদেহ। আনফালে আৰক্ষীৰ জালত পৰিছে ইন্দ্ৰ চাংমাৰ হত্যাকাৰী। ২বন্ধুৱে হত্যা কৰিছিল ইন্দ্ৰ চাংমাক। বন্ধুৰ ঘৰত খানা খাবলৈ গৈছিল মৃত লোকজন। তাতেই ২বন্ধুৰ সৈতে সুৰাপান কৰিছিল লোকজনে। সুৰাপান কৰি উঠা পিছতো ইন্দ্ৰ চাংমাই পুনৰ বিচাৰিছিল সুৰা। তাৰ পিছতেই তেওঁলোকৰ মাজত সূত্ৰপাত হৈচিল কাজিয়াৰ। দুই বন্ধুৱে গুৰুতলাগুৰুলকৈ প্ৰহাৰ কৰিছিল লোকজনক। ঠেলা হেঁচাত শিলত মুখ দি পৰিছিলগৈ ইন্দ্ৰ চাংমা নামৰ লোকজন। শিলত খুন্দা খাই মুখ আৰু মূৰৰ পৰা ওলাই আহিছিল তেজ। পিছত অট’ত উঠাই পাহাৰীয়া দুৰ্গম অঞ্চলটোলৈ নি পেলাই দিয়া হৈছিল মৃতদেহ। সম্প্ৰতি দুই হত্যাকাৰীক ৰখা হৈছে জালুকবাৰীত। গ্ৰেপ্তাৰ হোৱা দুই বন্ধুৰ নাম সুনিল মাৰাক আৰু বিকাশ মাৰাক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধেমাজিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে...

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...