কথাবোৰ আধৰুৱা হৈয়ে ৰ’ল! প্ৰেমিকৰ সৈতে পলাই গৈ বাইক দুৰ্ঘটনাত নিহত যুৱতী

কিমান যে সপোন! দীৰ্ঘদিনীয়া প্ৰেম আছিল দুয়োৰে। দেখিছিল এক হোৱাৰ সপোন। কথা আছিল সুখে-দুখে একেলগে থকাৰ! কথা আছিল ধুমুহাৰ মাজতো ইজনে-সিজনৰ হাতখন খামুচি থকাৰ! মাঘতেই প্ৰেমিকাৰ উকা কপালখন ৰঙা কৰাৰ কথা আছিল সেন্দুৰেৰে। সেই সপোনটোকেই দিঠক কৰিবলৈ পলাই গুচি গৈছিল দুয়ো। কোনে জানিছিল কথাবোৰ যে আধৰুৱা হৈয়ে ৰ’ব। চিৰদিনৰ বাবে আধৰুৱা হৈ ৰ’ল শচীন-জোনমণিৰ প্ৰেম কাহিনী।

চিলাপথাৰত হৃদয়বিদাৰক ঘটনা। প্ৰেমিকৰ সৈতে পলাই গৈ বাইক দুৰ্ঘটনাত নিহত যুৱতী। নিহত যুৱতীগৰাকী দাম্বুক বলুকাগুৰিৰ জোনমণি মেদক। ভাঙিদিয়া গাওঁৰ শচীন দলেৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল জোনমণিৰ। দেওবাৰে বিয়া পতাৰ উদ্দ্যেশে বাইকৰে পলায়ন কৰিছিল প্ৰেমিক যুগল। নিশা প্ৰায় ১০ বজাত পুমি নামৰ গাঁওখনত দুৰ্ঘটনাত পতিত হয় দুয়ো। দুৰ্ঘটনাত থিতাতে নিহত হয় জোনমণি। আনফালে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় শচীন দলে। বৰ্তমান ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে শচীন দলে।

Popular

More like this
Related

ফেচবুকত গাড়ী ভাড়ালৈ দিয়াৰ বিজ্ঞাপন দি বিপদত গাড়ীৰ গৰাকী

ফেচবুকত গাড়ী ভাড়ালৈ দিয়াৰ বিজ্ঞাপন দি বিপদত গাড়ীৰ গৰাকী।...

তিনিদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

তিনিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে ফ্ৰান্সত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।...

কাছাৰৰ চন্দ্ৰনাথপুৰত চলন্ত ৰে’লৰ ডবাত লাগিল জুই

ভয়াৱহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল দিল্লী-শিলচৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ।...

সুৰাই হ’ল কাল! বন্ধুৱে প্ৰাণ ল’লে বন্ধুৰ

সোমবাৰে বিয়লিৰ ভাগত মহানগৰীৰ মালিগাঁৱত উদ্ধাৰ হোৱা মৃতদেহৰ পৰিচয়...