মহানগৰীত ৰহস্যজনকভাৱে উদ্ধাৰ মহিলাৰ মৃতদেহ

গুৱাহাটীত হৈছে কি? বিগত কেইটামান দিনৰ ভিতৰতে ধাৰাবাহিকভাৱে কেইবাগৰাকীও যুৱতীৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰৰ পিছতে এইবাৰ উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ।

মহানগৰীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ। বাথৰুমৰ ভিতৰত উদ্ধাৰ শেৱালি কলিতা নামৰ মহিলাগৰাকীৰ মৃতদেহ। হেঙেৰাবাৰীৰ নৱ নগৰ বিষ্ণুৰাভা পথৰ স্বামীগৃহত উদ্ধাৰ মৃতদেহটো। ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰতে আছিল স্বামী পংকজ মহন্ত। ঘটনাৰ সময়ত খোলা আছিল বাথৰুমৰ দৰ্জাখন। স্বামী পংকজ মহন্তৰ মতে চিপ লৈ আত্মহত্যা কৰিছে মহিলাগৰাকীয়ে। কিন্তু অতি আচৰিতভাৱে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই চিপ লোৱা চুৰ্ণী কাটি পেলাইছিল স্বামীয়ে। আৰক্ষী উপস্থিত হৈ বাথৰুমত পৰি থকা অৱস্থাতহে প্ৰত্যক্ষ কৰে মহিলাগৰাকীক। আৰক্ষীয়ে প্ৰাথমিক তদন্তত এয়া হত্যাকাণ্ড বুলি সন্দেহ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...