ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ অভিযানত নিহত ৩১ মাওবাদী

ছত্তীশগড়ৰ বিজাপুৰত নিৰাপত্তাৰক্ষীৰ অভিযানত ৩১ মাওবাদী নিহত। দুয়োপক্ষৰ গুলীয়াগুলীত দুই নিৰাপত্তাৰক্ষী নিহত। অভিযানত অংশ লয় CRPF, ছত্তীশগড় আৰক্ষী, কোব্ৰা বাহিনীয়ে। শনিবাৰে নিশাৰে পৰা দুয়োপক্ষৰ মাজত আৰম্ভ হয় আক্ৰমণ–প্ৰত্যাক্ৰমণ। এসপ্তাহ পূৰ্বে এই বিজাপুৰতে নিহত হৈছিল ৮ মাওবাদী। মাওবাদীক সম্পূৰ্ণৰূপে উৎখাট কৰাৰ বাবে চলি আছে অভিযান। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ তৎপৰ হৈছে মাওবাদীক নিৰ্মূলৰ বাবে। ২০২৬ৰ ৩১ মাৰ্চত মাওবাদীক সম্পূৰ্ণৰূপে উৎখাট কৰাৰ শেষ দিন নিৰ্ধাৰণ। আত্মসমৰ্পণ কৰা মাওবাদীক সংস্থাপনৰ দায়িত্ব ল’ব বুলি ঘোষণা কৰিছে চৰকাৰে। বিগত বৰ্ষত ২০৭ মাওবাদী নিহত হৈছে নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...