মহানগৰীত ৰহস্যজনকভাৱে উদ্ধাৰ মহিলাৰ মৃতদেহ

গুৱাহাটীত হৈছে কি? বিগত কেইটামান দিনৰ ভিতৰতে ধাৰাবাহিকভাৱে কেইবাগৰাকীও যুৱতীৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰৰ পিছতে এইবাৰ উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ।

মহানগৰীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ। বাথৰুমৰ ভিতৰত উদ্ধাৰ শেৱালি কলিতা নামৰ মহিলাগৰাকীৰ মৃতদেহ। হেঙেৰাবাৰীৰ নৱ নগৰ বিষ্ণুৰাভা পথৰ স্বামীগৃহত উদ্ধাৰ মৃতদেহটো। ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰতে আছিল স্বামী পংকজ মহন্ত। ঘটনাৰ সময়ত খোলা আছিল বাথৰুমৰ দৰ্জাখন। স্বামী পংকজ মহন্তৰ মতে চিপ লৈ আত্মহত্যা কৰিছে মহিলাগৰাকীয়ে। কিন্তু অতি আচৰিতভাৱে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই চিপ লোৱা চুৰ্ণী কাটি পেলাইছিল স্বামীয়ে। আৰক্ষী উপস্থিত হৈ বাথৰুমত পৰি থকা অৱস্থাতহে প্ৰত্যক্ষ কৰে মহিলাগৰাকীক। আৰক্ষীয়ে প্ৰাথমিক তদন্তত এয়া হত্যাকাণ্ড বুলি সন্দেহ কৰিছে।

Popular

More like this
Related

খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ, ধেমাজি, ভেড়গাও, মাকুম, নগাঁৱৰ জয়

গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তয়াবুল্লাহ হকী ষ্টেডিয়ামত চলি থকা...

ছিনিয়ৰ মহিলা বক্সিং আৰম্ভ

গ্ৰেটাৰ নয়ডাৰ শ্বহীদ বিজয় সিং পাথিক ক্ৰীড়া প্ৰকল্পত আজিৰে...

২২ মাৰ্চৰ পৰা চিটী চেণ্টাৰত অফলাইন টিকট

গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীৰ অনুৰোধ ৰক্ষা কৰি ৰাজস্থান ৰয়েলছে ২২ মাৰ্চৰ...