গোৰেশ্বৰৰ বটীয়ামাৰীত শোকাৱহ ঘটনা

আৰ্থিক দৈন্যতাকো হেঙাৰ হ’বলৈ নিদি সপোনক দিঠক কৰিবলৈ কৰি গৈছিল হাজিৰা। কোনে জানিছিল এনেকৈয়ে যে শেষ হৈ যাব সকলো।

গোৰেশ্বৰৰ বটীয়ামাৰীত শনিবাৰে বিয়লি সংঘটিত হয় এক শোকাৱহ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ২১ বছৰীয়া যুৱকৰ। পকী মিস্ত্ৰিৰ সৈতে দিন হাজিৰা কৰিছিল যুৱকজনে। কাম কৰি থকা অৱস্থাত বৈদ্যুতিক তাঁৰত লাগি মৃত্যু যুৱকজনৰ। মৃত যুৱকজন গোৰেশ্বৰ ৰংমহল নাথচুবাৰ ৰাহুল নাথ। গোৰেশ্বৰ মহাবিদ্যালয়ৰ স্নাতক বিজ্ঞান শাখাৰ ছাত্ৰ আছিল ৰাহুল। পৰৱৰ্তী সময়ত স্থানীয় লোকে হাস্পতাললৈ নিয়ে যদিও মৃত ঘোষণা কৰে যুৱকজনক। মেধাৱী যুৱকজনৰ অকাল বিয়োগত অঞ্চলটোত শোকোৰ ছাঁ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩ মহীয়া শিশুক লৈ ইউৰোপীয় ইউনিয়নৰ জলবায়ু বৈঠকত উপস্থিত ছুইডেনৰ জলবায়ু মন্ত্ৰী

ছুইডেনৰ জলবায়ু মন্ত্ৰী ৰোমিনা পৌৰমোখতাৰীয়ে তিনিমহীয়া পুত্ৰ আদামক লৈ...

ভাৰতীয় পাছপ’ৰ্ট কেৱল ভ্ৰমণ দলিল, নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ নহয়: বিদেশ মন্ত্ৰালয়ৰ স্পষ্টীকৰণ

বিদেশ মন্ত্ৰালয়ৰ এটা বিবৃতিয়ে আইন আৰু ৰাজনৈতিক বিতৰ্কক নতুনকৈ...