গোৰেশ্বৰৰ বটীয়ামাৰীত শোকাৱহ ঘটনা

আৰ্থিক দৈন্যতাকো হেঙাৰ হ’বলৈ নিদি সপোনক দিঠক কৰিবলৈ কৰি গৈছিল হাজিৰা। কোনে জানিছিল এনেকৈয়ে যে শেষ হৈ যাব সকলো।

গোৰেশ্বৰৰ বটীয়ামাৰীত শনিবাৰে বিয়লি সংঘটিত হয় এক শোকাৱহ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ২১ বছৰীয়া যুৱকৰ। পকী মিস্ত্ৰিৰ সৈতে দিন হাজিৰা কৰিছিল যুৱকজনে। কাম কৰি থকা অৱস্থাত বৈদ্যুতিক তাঁৰত লাগি মৃত্যু যুৱকজনৰ। মৃত যুৱকজন গোৰেশ্বৰ ৰংমহল নাথচুবাৰ ৰাহুল নাথ। গোৰেশ্বৰ মহাবিদ্যালয়ৰ স্নাতক বিজ্ঞান শাখাৰ ছাত্ৰ আছিল ৰাহুল। পৰৱৰ্তী সময়ত স্থানীয় লোকে হাস্পতাললৈ নিয়ে যদিও মৃত ঘোষণা কৰে যুৱকজনক। মেধাৱী যুৱকজনৰ অকাল বিয়োগত অঞ্চলটোত শোকোৰ ছাঁ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাতৃয়ে জন্মদিনত উপহাৰ দিলে বন্দুক; সেই বন্দুকেৰে বিদ্যালয়ত গুলীচালনা কৰি ৪ জনক হত্যা ১৬ বছৰীয়া পুত্ৰৰ

আমেৰিকাৰ অৰেগন ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাক...

ভাৰত-ইউএইৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য, বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰীৰ

‘আমি আৰু ঘনিষ্ঠ হ’ব বিচাৰোঁ’: কৌশলগত সম্পৰ্কৰ পৰ্যালোচনাৰ বাবে...