নিৰ্বাচনত পৰাজয়ৰ পিছত কি ক’লে অৰবিন্দ কেজৰিৱালে?

দিল্লীত চৰকাৰ গঠন কৰাত বিফল আম আদমী পাৰ্টী। প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, মনীষ ছিছ’ডিয়াৰ পৰাজয়। ২৩ খন আসনতে সীমাবদ্ধ তিনিবাৰকৈ চৰকাৰ গঠন কৰা আপ। নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পিছত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অৰবিন্দ কেজৰিৱালে। এক ভিডিঅ’ বাৰ্তাযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে কেজৰিৱালে। তেওঁ কয় যে, ‘জনতাৰ সিদ্ধান্তক আমি আদৰণি জনাইছো। যোৱা ১০বছৰে আমি শিক্ষা, স্বাস্থ্যকে ধৰি আন আন ক্ষেত্ৰত বিভিন্ন কাম কৰিলো। আহিবলগা সময়ত আমি সুখে-দুখে জনতাৰ কাষত থাকিম। মই আপৰ সকলো কৰ্মকৰ্তাক শুভেচ্ছা জনাইছো। তেওঁলোকে এই নিৰ্বাচনৰ সময়ত বহু সহ্য কৰিবলগা হ’ল…’ আনফালে বিজেপিকো অভিনন্দন জনালে অৰবিন্দ কেজৰিৱালে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...