কিহৰ বাবে এই বিপৰ্যয়ৰ সন্মুখীন হ’ল আপ?

২৪ বছৰৰ অপেক্ষাৰ অন্ত পৰিল বিজেপিৰ। ৭০খন আসনৰ ৪৮ খনত জয় সাব্যস্ত কৰি দিল্লীত চৰকাৰ গঠন কৰাৰ বাবে সাজু বিজেপি। মাত্ৰ ২২ আসনতে সীমাবদ্ধ হৈ ৰ’ল শাসনৰ গাদীত থকা কেজৰিৱাল বাহিনী। প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়াল, মনীষ ছিছ’দিয়া, মন্ত্ৰী সৌৰভ ভৰদ্বাজ, সোমনাথ ভাৰতীসহ আপৰ বহু হেভিৱেট প্ৰাৰ্থী পৰাস্ত হ’ল। কিন্তু কিহৰ বাবে এই বিপৰ্যয়ৰ সন্মুখীন হ’ল আপ?

যোৱা কেইবাবছৰ ধৰি বিজেপিয়ে দিল্লীৰ সুৰা নীতি কেলেংকাৰিক লৈ কেজৰিৱাল চৰকাৰক ধাৰাবাহিক ভাবে আক্ৰমণ কৰি আহিছিল। সুৰা নীতি কেলেংকাৰিৰ বাবেই কেজৰিৱাল, মনীষ ছিছ’দিয়া, সতেন্দ্ৰ জৈন কাৰাগাৰলৈ যাব লগা হৈছিল। কেজৰিৱাল চৰকাৰে সুৰা কেলেংকাৰিৰে ৩০০ কোটিৰ সৰকাই গোৱাৰ নিৰ্বাচনত ব্যৱহাৰ কৰিছিল বুলি বিজেপিয়ে অভিযোগ আনাই নহয় সেই অভিযোগত দিল্লীবাসীক পতিয়ন নিয়াবও পাৰিলে। আদালতে কেউজনকে জামিন দিলেও গোচৰৰ পৰা মুক্ত কৰা নাই তেওঁলোকক। ইয়াৰ উপৰি অভিযোগ উঠিছিল আপত একনায়কত্ববাদ চলাইছিল কেজৰিৱালে। কেজৰিৱালৰ বাবেই নিষ্ঠাবান নেতা-কৰ্মীয়ে আপ এৰিছিল
আপৰ পৰা গৈ BJPত যোগ দি জয়ী হ’ল কৈলাশ গেহলটৰ দৰে নেতা।

তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ আসনত বহা কেজৰিৱালে লাহে লাহে হেৰুৱালে পূৰ্বৰ নিকা ভাবমুৰ্তি। শেহতীয়াকৈ বিলাসী জীৱন কটোৱাৰো অভিযোগ উঠিল। নিৰ্বাচনত আপৰ বিপৰ্যয়ৰ বাবে কেজৰিৱালক দোষীলে আন্না হাজাৰেই।

একালৰ সতীৰ্থ কুমাৰ বিশ্বাসেও কেজৰিৱালকে কৰিলে আক্ৰমণ। আপৰ নিলম্বিত নেত্ৰী স্বাতী মলিৱালেও আক্ৰমণ কৰিলে কেজৰিয়ালক। বহু দিগগজ নেতাৰ পৰাজয় মাজতে মুখ্যমন্ত্ৰী আতিশীয়ে জয়লাভ কৰে। বিজেপিৰ ৰমেশ বিধুৰী আৰু কংগ্ৰেছৰ আলকা লাম্বাক পৰাস্ত কৰে আতিশীয়ে।

দলৰ পৰাজয়ক স্বীকাৰ কৰাৰ লগতে বিজেপিক অভিনন্দন জনায় কেজৰিয়ালে। বিধানসভাত আপে গঠনমুলক বিৰোধীৰ ভূমিকা ল’ল বুলিও মন্তব্য কৰে কেজৰিৱালে।

দিল্লীত আপৰ পৰাজয়ত কংগ্ৰেছেও কিছু বৰঙণি যোগালে। আপ চৰকাৰক কংগ্ৰেছে তীব্ৰ সমালোচনা কৰিলে। সুৰা কেলেংকাৰি, প্ৰদূষণ, যমুনাৰ দুৰৱস্থা, মহলা ক্লিনিকৰ বিফলতাক লৈ প্ৰচাৰ চলাইছিল কংগ্ৰেছে। কংগ্ৰেছে নিজে সফল হ’ব নোৱাৰিলেও আপক ক্ষমতাচ্যুত কৰাত সহায় কৰিলে। নিৰ্বাচনৰ আগে আগে নিৰ্মলা সীতাৰমনৰ চমকপ্ৰদ বাজেটেও ভোটাৰৰ ওপৰত প্ৰভাৱ পেলোৱা বুলি চৰ্চা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...