অন্ত পৰিল চতুৰ্থ কোকৰাঝাৰ সাহিত্য উৎসৱৰ, দেশ-বিদেশৰ প্ৰায় ৩ শতাধিক কবি-সাহিত্যিকৰ অংশগ্ৰহণ

কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ গৌৰাং নদীৰ গাতে লাগি থকা বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগনত ১ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা চতুৰ্থ সংখ্যক কোকৰাঝাৰ সাহিত্য উৎসৱ সফল সামৰণি পৰিল।

চতুৰ্থ সংখ্যক কোকৰাঝাৰ সাহিত্য উৎসৱত ডেনমাৰ্ক , জাপান , দক্ষিণ কৰিয়া ইষ্টোনিয়া , শ্ৰীলংকা আদি বিদেশীৰ পৰা ৭ গৰাকী কবি-সাহিত্যিকে অংশগ্ৰহণ কৰাৰ বিপৰীতে উত্তৰ-পূৱৰ বাহিৰৰ পৰা ৬৭ গৰাকীকে ধৰি প্ৰায় তিনিশতাধিক কবি -সাহিত্যিকে অংশগ্ৰহণ কৰে । অন্তিম দিনৰ কাৰ্যসূচীত কেইবাটাও কবি আৰু সন্মিলন অনুষ্ঠিত হয় ৷ আনহাতে সাহিত্য সন্মিলনৰ অন্তত সোম্বাৰে নিশা গৌৰাং নদী সাহিত্য বঁটা প্ৰদান কৰা হয়।

গৌৰাং নদী সাহিত্য বঁটা গল্প, উপন্যাসৰ আধাৰত প্ৰকাশ হোৱা গ্ৰন্থ আৰু গদ্য, প্ৰবন্ধৰ ওপৰত দিয়া হয় । এইবেলি গৌৰাং নদী সাহিত্য বঁটা ফিকচন শিতানত “এছাচিন” নামৰ উপন্যাসখনৰ বাবে কে আৰ মীৰা আৰু জে, দেৱীকাক যুটীয়াভাৱে দিয়া হয় । এই বঁটাত নগদ একলাখ , মানপত্ৰ প্ৰদান কৰা হয়।

উল্লেখ্য যে ২০২৪ বৰ্ষৰ ফিকচনৰ পৰা নিৰ্বাচিত হোৱা মূল লিখক মালায়লমৰ কে আৰ মীৰাৰ উপন্যাস ইংৰাজীলৈ জে, দেৱীকাই “এছাচিন” নামেৰে অনুবাদ কৰিছিল আৰু সেয়েহে উপন্যাস খনৰ বাবে দুয়োজন লেখককে যুটীয়াভাৱে নিৰ্বাচিত কৰা হৈছে ৷ আনহাতে নন ফিকচন শিতানত ৰাধিকা আয়েংগাৰক ‘Fire on the Ganges: Life among the dead in Banaras’নামৰ কিতাপখনৰ বাবে গৌৰাং নদী সাহিত্য বঁটা প্ৰদান কৰা হয়।


ইপিনে সাহিত্য উৎসৱৰ অন্তিমদিনা চতুৰ্থতম কোকৰাঝাৰ সাহিত্য উৎসৱৰ আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি তথা সাহিত্যিক গোবিন্দ বড়োই এক সংবাদমেলত কয় যে এইবেলি সাহিত্য উৎসৱৰ মূল বিষয়বস্তু আছিল শান্তিৰ বাৰ্তাৰে মানুহ,সাহিত্য,সংস্কৃতিৰ মাজত সমন্বয় গঢ়ি তোলা। এই বাৰ্তাৰে আৰম্ভ হোৱা কোকৰাঝাৰ সাহিত্য উৎসৱ সফলতাৰে সমাপ্ত হৈছে আৰু ইয়াৰ লক্ষ্য পুৰণ কৰাত কিছু পৰিমানে হলেও সফল হৈছে।

ইয়াৰ বাবে সকলো পক্ষকে তেওঁ ধন্যবাদ জ্ঞাপন কৰে । সাহিত্য উৎসৱে মিলনৰ সেতু গঢ়িছে বুলি মন্তব্য কৰি সাহিত্যৰ দ্বাৰা বিভিন্ন জাতি- জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতি, ঐক্য, ভাতৃত্ববোধ গঢ়ি তুলিব পাৰি বুলি মন্তব্য কৰিছে গোৱিন্দ বড়োই।


সাহিত্য উৎসৱৰ বাবে তিনিদিন ধৰি গৌৰাং নদীৰ পাৰ মুখৰিত হৈ আছিল যদিও এতিয়া নিজম পৰিল। দেশ -বিদেশৰ পৰা অহা প্ৰতিনিধিসকলে সাহিত্য উৎসৱৰ উচ্চ প্ৰশংসা কৰে আৰু এনে ব্যতিক্ৰমী সাহিত্য উৎসৱে তেওঁলোকৰ মন পুলকিত কৰাৰ লগতে এনাজৰীৰ বান্ধোন নিপকপীয়া কৰি তুলিছে বুলি মন্তব্য কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...