আৰক্ষীৰ জালৰ পৰা পলায়নৰ চেষ্টা কৰিছিল ৩ অপৰাধীয়ে

গুৱাহাটী মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে জানুৱাৰীত আৰক্ষীয়ে লোৱা পদক্ষেপৰ খতিয়ান প্ৰকাশ কৰিলে। ৩১ ডিচেম্বৰত ৰাইজৰ সহযোগিতাৰ বাবে হ্ৰাস দুর্ঘটনাৰ সংখ্যা। সুৰাপায়ীৰ চালকৰ সংখ্যাও ৯৯.৪ শতাংশলৈ হ্ৰাস। নতুন বছৰটোত আৰক্ষীয়ে লৈছিল চাফাই অভিযানৰ বিশেষ ব্যৱস্থা। গুৱাহাটীৰ প্ৰতিখন থানা অন্তৰ্ভুক্ত এই চাফাই অভিযানত। ৰাজপথত পৰিত্যক্ত গাড়ী সামৰি লোৱা হৈছিল চাফাই অভিযানত। কেইবাশ পৰিত্যক্ত বাহন আঁতৰোৱা হৈছে ৰাজপথৰ পৰা। আৰক্ষীয়ে মুকলি কৰা ‘হোৱাটছএপ’ নম্বৰলৈ অহা বহু অভিযোগ সমাধান। জানুৱাৰীত WhatsAppত আহিছিল ৬৫৩টা অভিযোগৰ মেছেজ। ইয়াৰ ভিতৰত ১৮৫টা মেছেজ আছিল আৰক্ষী বিভাগৰ সৈতে জড়িত। এই ১৮৫ টাৰ ভিতৰত ৯৬ টা অভিযোগ সমাধান আৰক্ষীৰ। ইয়াৰ ভিতৰত অধিকাংশই আছিল তীৰ আৰু ড্ৰাগছ ব্যৱসায়ৰ অভিযোগ। ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত ৫২ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। লগতে জব্দ কৰিছে ৬৮৯ গ্ৰাম হেৰইন। ২৩০০ নিষিদ্ধ কফ চিৰাপ আৰু কেইবাহাজাৰ নিচাযুক্ত টেবলেট জব্দ কৰিছে। জব্দকৃত নিচাযুক্ত সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় ৬ কোটি বুলি উল্লেখ যুটীয়া আৰক্ষী আয়ুক্তৰ। বিগত জানুৱাৰীত চুৰি ডকাইতিত জড়িত ১৫৬ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ। লগতে উদ্ধাৰ কৰিছে ১৬৯টা মোবাইল ফোন, ৫১খন চুৰি বাহন আৰু বিভিন্ন চুৰি সামগ্ৰী। ইয়াৰে ভিতৰত ৩ জনে আৰক্ষীৰ জালৰ পৰা জিম্মাত থাকোঁতে পলায়নৰ চেষ্টা কৰিছিল।। তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। ৰাজপথত বাইক ষ্টাণ্টৰ বিৰুদ্ধেও কঠোৰ হৈছে মহানগৰ আৰক্ষী। এনে উদণ্ড ২৮ জনক আটক কৰাৰ লগতে ২৩খন বাইক জব্দ কৰিছে আৰক্ষীয়ে। বিগত মাহটোত মহানগৰীৰ থানাত ৰুজু হৈছে ৫১৫ টা বিভিন্ন অপৰাধৰ গোচৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...