আৰক্ষীৰ জালৰ পৰা পলায়নৰ চেষ্টা কৰিছিল ৩ অপৰাধীয়ে

গুৱাহাটী মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে জানুৱাৰীত আৰক্ষীয়ে লোৱা পদক্ষেপৰ খতিয়ান প্ৰকাশ কৰিলে। ৩১ ডিচেম্বৰত ৰাইজৰ সহযোগিতাৰ বাবে হ্ৰাস দুর্ঘটনাৰ সংখ্যা। সুৰাপায়ীৰ চালকৰ সংখ্যাও ৯৯.৪ শতাংশলৈ হ্ৰাস। নতুন বছৰটোত আৰক্ষীয়ে লৈছিল চাফাই অভিযানৰ বিশেষ ব্যৱস্থা। গুৱাহাটীৰ প্ৰতিখন থানা অন্তৰ্ভুক্ত এই চাফাই অভিযানত। ৰাজপথত পৰিত্যক্ত গাড়ী সামৰি লোৱা হৈছিল চাফাই অভিযানত। কেইবাশ পৰিত্যক্ত বাহন আঁতৰোৱা হৈছে ৰাজপথৰ পৰা। আৰক্ষীয়ে মুকলি কৰা ‘হোৱাটছএপ’ নম্বৰলৈ অহা বহু অভিযোগ সমাধান। জানুৱাৰীত WhatsAppত আহিছিল ৬৫৩টা অভিযোগৰ মেছেজ। ইয়াৰ ভিতৰত ১৮৫টা মেছেজ আছিল আৰক্ষী বিভাগৰ সৈতে জড়িত। এই ১৮৫ টাৰ ভিতৰত ৯৬ টা অভিযোগ সমাধান আৰক্ষীৰ। ইয়াৰ ভিতৰত অধিকাংশই আছিল তীৰ আৰু ড্ৰাগছ ব্যৱসায়ৰ অভিযোগ। ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত ৫২ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। লগতে জব্দ কৰিছে ৬৮৯ গ্ৰাম হেৰইন। ২৩০০ নিষিদ্ধ কফ চিৰাপ আৰু কেইবাহাজাৰ নিচাযুক্ত টেবলেট জব্দ কৰিছে। জব্দকৃত নিচাযুক্ত সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় ৬ কোটি বুলি উল্লেখ যুটীয়া আৰক্ষী আয়ুক্তৰ। বিগত জানুৱাৰীত চুৰি ডকাইতিত জড়িত ১৫৬ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ। লগতে উদ্ধাৰ কৰিছে ১৬৯টা মোবাইল ফোন, ৫১খন চুৰি বাহন আৰু বিভিন্ন চুৰি সামগ্ৰী। ইয়াৰে ভিতৰত ৩ জনে আৰক্ষীৰ জালৰ পৰা জিম্মাত থাকোঁতে পলায়নৰ চেষ্টা কৰিছিল।। তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। ৰাজপথত বাইক ষ্টাণ্টৰ বিৰুদ্ধেও কঠোৰ হৈছে মহানগৰ আৰক্ষী। এনে উদণ্ড ২৮ জনক আটক কৰাৰ লগতে ২৩খন বাইক জব্দ কৰিছে আৰক্ষীয়ে। বিগত মাহটোত মহানগৰীৰ থানাত ৰুজু হৈছে ৫১৫ টা বিভিন্ন অপৰাধৰ গোচৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...