নাই সাংকেতিক চিহ্ন! মথাউৰিৰ দ’ গাঁতত সোমাই সন্ধানহীন বাইক আৰোহী

দেওবাৰে সন্ধিয়া কলিয়াবৰত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। ভগ্ন মথাউৰিৰ দ’ গাঁতত সোমাল বাইক আৰোহী। কলিয়াবৰৰ হাতীমূৰাৰ মাথাউৰিত অঘটন। বৰ্তমানেও সন্ধানহীন বাইক আৰোহী। সন্ধানহীন বাইক আৰোহীজন ৰাঙলু পাহাৰগুৰিৰ অজয় সিং। পৰৱৰ্তী সময়ত স্থানীয় লোকে অভিযান চলাই উদ্ধাৰ কৰে বাইকখন। এপাত জোতাও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে স্থানীয় ৰাইজে। ঘটনাস্থলীত নিশা উপস্থিত জখলাবন্ধা আৰক্ষীৰ লগতে SDRF, NDRF। নিশাৰ আন্ধাৰৰ বাবে উদ্ধাৰ অভিযান ব্যাহত হয়। হাতীমূৰাত জন্মদিন খাই ঘৰলৈ উভতিছিল যুৱকজন। সাংকেতিক চিহ্ন নথকাৰ বাবে এই দুৰ্ঘটনাৰ অভিযোগ স্থানীয় লোকৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১০ মিনিটৰ সিদ্ধান্ত, ১০ ছেকেণ্ডত জীৱন ৰক্ষা! ১৬০০ ছাত্ৰ-ছাত্ৰীৰ ত্ৰাণকৰ্তা এগৰাকী প্ৰধান শিক্ষক

নেপালৰ এখন বিদ্যালয়। পুৱা তেতিয়া স্বাভাৱিকভাৱেই চলি আছিল পাঠদান।...

গুৰুত্বপূৰ্ণ খনিজৰ সন্ধানত জাম্বিয়াৰ সৈতে পুনৰ আলোচনাত ভাৰত

দেশৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ ক্ৰমবৰ্ধমান কেঁচামালৰ চাহিদা পূৰণৰ...

এয়াৰ ভাইচ মাৰ্শ্বাল শক্তি শৰ্মাই ৰচিলে ইতিহাস! কিয় বিশেষ এই সাফল্য?

ভাৰতীয় বায়ুসেনাত মহিলাৰ নতুন মাইলষ্টোন। এয়াৰ ভাইচ মাৰ্শ্বাল পদত...

৪ ছেপ্টেম্বৰক ‘অসম শিক্ষক শিক্ষা দিৱস’ হিচাপে পালনৰ সিদ্ধান্ত সদৌ অসম ডায়েট বিষয়া সন্থাৰ

সদৌ অসম ডায়েট বিষয়া সন্থাৰ কাৰ্যনিৰ্বাহক সমিতিৰ এখন গুৰুত্বপূৰ্ণ...