উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ অসম অলিম্পিক সন্থাৰ প্ৰতিনিধি

গুৱাহাটী, ২৬ জানুৱাৰী ঃ ৩৮ সংখ্যক উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশ লোৱাৰ বাবে দেওবাৰে অসম অলিম্পিক সন্থাৰ বিষয়বৱীয়াৰ এটা দল গুৱাহাটীৰ পৰা ৰাওনা হৈছে৷ অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ নেতৃত্বত যোৱা দহজনীয়া দলটোত আছে ডেপুটি চিফ দ্য মিছন নিৰঞ্জন শইকীয়া, ভৱজ্যোতি গোস্বামী, অংশুমান দত্ত, ধ্ৰুৱজ্যোতি কলিতা, দেৱজিত গগৈ আদি৷

উল্লেখ্য যে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আৰম্ভ হোৱাৰ দুদিন পূৰ্বেই অসম অলিম্পিক সন্থাৰ দলটো উত্তৰাখণ্ডলৈ যোৱাৰ মুল কাৰণ হ’ল সম্পাদক কোঁৱৰে ৰাজ্যৰ খেলুৱৈৰ থকা-খোৱাৰ ব্যৱস্থাসমুহ নিজেই নিৰীক্ষন কৰিব৷ এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে মুঠ ২২ বিধ খেলত অংশ ল’ব৷ খেলুৱৈ আৰু বিষয়াসহ প্ৰায় তিনিশজনীয়া এটা দল অসমৰ পৰা যাব৷ আনহাতে, ৰাষ্ট্ৰীয় ক্ৰীড়াৰ খেল উত্তৰাখণ্ডৰ এঘাৰটা বিভিন্ন স্থানত অনুষ্ঠিত হ’ব৷ সেয়েহে অসম অলিম্পিক সন্থাই ৰাজ্যৰ কোনো খেলুৱৈয়ে যাতে অসুবিধাৰ সন্মুখীন নহয় সেই দিশটো স্বয়ং নিজৰ প্ৰতিনিধিক যথা স্থানত ৰাখি চোৱা-চিতা কৰাব৷

‘অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা মহাশয়ে আমাক নিৰ্দেশ দিছে যে ৰাজ্যৰ খেলুৱৈয়ে কোনো কাৰণতে প্ৰতিযোগিতাৰ সময়ত সমস্যাৰ সন্মুখীন হ’ব নালাগে৷ অসম অলিম্পিক সন্থাৰ সভাপতি তথা জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মহাশয়েও ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়ত ক্ৰীড়াবিদৰ কাষত ২৪ ঘণ্টা অসম অলিম্পিক সন্থাৰ প্ৰতিনিধিক উপস্থিত থাকিবলৈ নিৰ্দেশনা দিছে৷ সেয়েহে আমি নিজেই সকলোখিনি তদাৰক কৰিম৷ অসম অলিম্পিক সন্থাৰ প্ৰতিনিধিয়ে নিষ্ঠাৰে এই দায়িত্ব পালন কৰিবলৈ সাজু৷’ সম্পাদক লক্ষ্য কোঁৱৰে অৱগত কৰে৷

ইফালে, আজি গুৱাহাটীৰ পৰা যোৱা অসম অলিম্পিক সন্থাৰ প্ৰতিনিধি দলটোৱে নতুন দিল্লীত অসম অলিম্পিক সন্থাৰ সভাপতি তথা জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি খেলুৱৈৰ আগমন আৰু প্ৰস্থানৰ লগতে উত্তৰাখণ্ডত থকা-খোৱা সকলো ব্যৱস্থাৰ বিষয়ে অবগত কৰে৷ সম্পাদক কোঁৱৰে জনোৱা অনুসৰি সভাপতি সোণোৱালে যিকোনো অসুবিধা হ’লেই তাৎক্ষনিকভাবে তেওঁক অৱগত কৰিবলৈ জনাইছে৷

উল্লেখ্য যে পূৰ্ব গুজৰাট আৰু গোৱাৰ দৰেই এইবাৰো মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ যোৱা অসম দলটোক বিমানৰে অহা-যোৱা কৰাৰ ব্যৱস্থা কৰি দিছে৷ অসম চৰকাৰৰ ক্ৰীড়া বিভাগে খেলুৱৈৰ বাবে প্ৰশিক্ষণ শিবিৰো আয়োজন কৰিছে৷ একেদৰে অসম অলিম্পিক সন্থাই সভাপতি তথা জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশনাৰে ৰাজ্যৰ খেলুৱৈয়ে কোনো অসুবিধা নপোৱাৰ এক সুব্যৱস্থা কৰিছে৷ সম্পাদক কোঁৱৰৰ নেতৃত্বত বিগত এমাহ ধৰি ভোগালী বিহুৰ সময়তো সন্থাৰ বিষয়ববীয়াসকলে সৰুঙা নৰখাকৈ সকলোখিনি ব্যৱস্থা সম্পন্ন কৰিছে৷

উল্লেখ্য যে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভ উদ্বোধনী অহা ২৮ জানুৱাৰীত হ’ব যদিও ইতিমধ্যে খেল আৰম্ভ হৈছে৷ আজি ট্ৰাইথলন আৰম্ভ হোৱাৰ বিপৰীতে কাইলৈৰ পৰা বীচ্ছ হেণ্ডবল আৰম্ভ হ’ব৷ ইতিমধ্যে দুদিন পূৰ্বে উত্তৰাখণ্ডত উপস্থিত হৈছে অসম দলৰ আনজন ডেপুটি চিফ দ্য মিছন হীৰেন গগৈ৷ যিহেতু উত্তৰাখণ্ডত শীতৰ প্ৰকোপ বেছি সেয়েহে অসমৰ পৰা গৈ খেলুৱৈয়ে যাতে ঠাণ্ডাৰ পৰিবেশৰ লগত মিলিব পাৰে সকলো খেলুৱৈক খেলৰ দুদিন পূৰ্বে উপস্থিত হোৱাৰ ব্যৱস্থা কৰা হৈছে৷

এইবাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ২৩৭ জনীয়া অসমৰ খেলুৱৈ দলত অলিম্পিয়ানৰ লগতে কমনৱেলথ আৰু এছিয়ান গেমছত পদক লাভ কৰা তথা প্ৰায় কুৰিজন দেশক প্ৰতিনিধিত্ব কৰা আন্তৰ্জাতিক এলিট ক্ৰীড়াবিদ আছে৷ বিগত গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে ৫৬ টা পদক লাভ কৰি দ্বাদশ স্থানত আছিল৷ এইবাৰ অসমৰ প্ৰদৰ্শন উন্নত হ’ব বুলি আশাবাদী অসম দলৰ চিফ দ্য মিছন অভিজিত ভট্টাচাৰ্যৰ লগতে অসম অলিম্পিক সন্থা আৰু ৰাজ্যৰ ক্ৰীড়াপ্ৰেমী৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...

ডিব্ৰুগড়ৰ খোৱাঙত নাহৰফুটুকীৰ সন্ত্ৰাস, নাহৰফুটুকীৰ আক্ৰমণত আহত কিশোৰ

ডিব্ৰুগড় জিলাৰ খোৱাঙত পুনৰ নাহৰফুটুকীৰ আতংক। নাহৰফুটুকীৰ আক্ৰমণত এজন...