অৰুনাচললৈ ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত নুমলীগড়ৰ দুটা পৰিয়াল

অৰুনাচললৈ ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত নুমলীগড়ৰ দুটা পৰিয়াল। কণমানিসহ ৬জন লোক পতিত দুৰ্ঘটনাত। দুৰ্ঘটনাত পতিত এজন লোকৰ মৃতদেহ উদ্ধাৰ। আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ এগৰাকী মহিলা, এটি কণমানি। বৰ্তমানেও উদ্ধাৰ হোৱা নাই ৩জন। এখন স্ক’ৰপিঅ বাহনত গৈছিল লোককেইজন. অৰুণাচলৰ মায়দিয়ালৈ গৈছিল ফুৰিবলৈ। উভতনি পথত মায়দিয়া-ৰয়িঙৰ মাজত এই দুৰ্ঘটনা। মৃত লোকজন চালক অজয় ছেত্ৰী ওৰফে মনোজ ছেত্ৰী। উদ্ধাৰ হোৱা মহিলাগৰাকীৰ নাম হৰিমায়া ছেত্ৰী। উদ্ধাৰ হোৱা কণমানিৰ নাম ৰস্নী ছেত্ৰী। উদ্ধাৰ হোৱা নাই মিনা ছেত্ৰী, ৰঞ্জিত ছেত্ৰী আৰু সুৰজ ছেত্ৰী। বাহনখনৰ সৈতে ৫০০ ফুট দ’ খাৱৈত আবদ্ধ হৈ আছে লোককেইজন। আহতসকলক ততাতৈয়াকৈ AMCHলৈ প্ৰেৰণ। নুমলীগড়ৰ ঔগুৰি চাপৰিৰ পৰা অৰুণাচললৈ গৈছিল লোককেইজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...