চিগাৰেট এৰিমেই…মুখত লগাই ল’লে তলা লগোৱা মুখা

যিকোনো ধৰণৰ নিচাই শৰীৰৰ বাবে ক্ষতিকাৰক। ধূমপানৰ নিচাও আটাইতকৈ বেয়া আচৰণসমূহৰ ভিতৰত অন্যতম। ধূমপান এৰিবলৈ অতি কঠিন, ইয়াৰ বাবে অপৰিসীম ইচ্ছাশক্তি আৰু নিষ্ঠাৰ প্ৰয়োজন হয়। বহুজনে বহুবোৰ উল্লেখযোগ্য প্ৰচেষ্টা চলোৱাৰ পিছতো ধূমপান কৰাসকলৰ মাত্ৰ সামান্য শতাংশইহে নিজৰ নিচাক সফলতাৰে নিয়ন্ত্ৰণ বা পৰিহাৰ কৰিবলৈ সক্ষম হয়।


শেহতীয়াভাৱে এজন ব্যক্তিয়ে ধূমপান এৰিবলৈ চেষ্টা কৰা খবৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে কিয়নো লোকজনে ধুমপান এৰিবলৈ মুখত পিঞ্জৰাসদৃশ সামগ্ৰী লগাই লৈছিল। তুৰ্কীৰ ইব্ৰাহিম ইউচেল নামৰ লোকজনে চিগাৰেট এৰিবলৈ হেলমেট আকৃতিৰ ধাতুৰ সামগ্ৰী এটাত নিজকে পিঞ্জৰাবদ্ধ কৰি ৰাখিছিল।


চৰ্চিত খবৰ অনুসৰি ইব্ৰাহিম ইউচেলে একেৰাহে ২৬ বছৰ ধৰি ধূমপান কৰি আহিছে আৰু কেইবাবাৰো ধূমপান এৰিবলৈ চেষ্টা কৰাৰ পিছতো দিনটোত দুবাৰ চিগাৰেট সেৱনৰ দৰে বদ অভ্যাস এৰিব পৰা নাছিল। প্ৰতি বছৰে ৩ সন্তানৰ জন্মদিনত আৰু বিবাহ বাৰ্ষিকীত চিগাৰেট এৰি দিয়াৰ শপত লয় যদিও চিগাৰেট অবিহনে বেছিদিন থাকিব নোৱাৰে। ইমানেই নহয়, পিঞ্জৰাত তলা মাৰি পত্নীক চাবি দি ৰাখিছিল যাতে মন গ’লেও চিগাৰেট সেৱন কৰিব নোৱাৰে। সঁচাই বিচিত্ৰ পৃথিৱীৰ বিচিত্ৰ মানুহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...