গাল্ফ অৱ মেক্সিকোৰ নতুন নাম গাল্ফ অৱ আমেৰিকা, আনুষ্ঠানিকভাৱে নতুন নামকৰণ ডনাল্ড ট্ৰাম্প প্ৰশাসনৰ

বিশ্ববিখ্যাত গাল্ফ অৱ মেক্সিকোৰ নতুন নাম গাল্ফ অৱ আমেৰিকা। ৰাষ্ট্ৰপতি ৰূপে শপতগ্ৰহণৰ পিছতে আনুষ্ঠানিকভাৱে নতুন নামকৰণ ডনাল্ড ট্ৰাম্প প্ৰশাসনৰ।

ট্ৰাম্প প্ৰশাসনৰ ইণ্টেৰিঅ’ৰ ডিপাৰ্টমেণ্টে আনুষ্ঠানিকভাৱে মেক্সিকো উপসাগৰৰ নাম সলনি কৰি আমেৰিকা উপসাগৰ আৰু আলাস্কাৰ ডেনালি শৃংগৰ নাম সলনি কৰি মাউণ্ট মেককিনলি ৰাখিছে। এতিয়াৰে পৰা গাল্ফ অৱ মেক্সিকোক গাল্ফ অৱ আমেৰিকা নামেৰে জনা যাব। ট্ৰাম্পে আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগক মেক্সিকো উপসাগৰক কিদৰে সলনি কৰিব পাৰি সেই বিষয়ে পদক্ষেপ ল’বৰ বাবে নিৰ্দেশ দিছে যদিও এনে নাম সলনিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পোৱাৰ সম্ভাৱনা কম।

আমেৰিকাৰ দৰেই মেক্সিকোকো দীঘলীয়া উপকূলৰেখা চুই যোৱা দেশখনৰ মতে, মেক্সিকো উপসাগৰৰ নামটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতিপ্ৰাপ্ত আৰু শ শ বছৰ আগৰ পৰাই ইয়াক সামুদ্ৰিক নেভিগেচনেল ৰেফাৰেন্স হিচাপে ব্যৱহাৰ কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত নামটোৰ সন্দৰ্ভত মেক্সিকোৰ বিতৰ্কৰ মাজতো প্ৰাক্তন ৰাষ্ট্ৰপতি মেককিনলিক সন্মান জনোৱা আৰু আমেৰিকাৰ ঐতিহ্য সংৰক্ষণৰ লক্ষ্যৰে এই নাম সলনি কৰাৰ লক্ষ্য লোৱা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধাৰাসাৰ বৰষুণৰ মাজতে সকলো বিদ্যালয় বন্ধ ঘোষণা প্ৰশাসনৰ

বিগত কেইবাদিনো ধৰি উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত অব্যাহত আছে মুষলধাৰ বৰষুণ।...

ছেপ্টেম্বৰত গুৱাহাটীত APCCৰ উদ্যোগত বিশাল যুৱ সন্মিলনৰ আয়োজন

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আগন্তুক ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত...