ছইফ আলী খানৰ পৰিয়ালে হেৰুৱাব পূৰ্বপুৰুষৰ সম্পত্তি!

নিজৰ বাসগৃহত অবৈধ বাংলাদেশীৰ হাতত প্ৰহৃত ঘটনাৰ বিষয়ে আপুনি নিশ্চয় শুনিছে। দেশৰ জনপ্ৰিয় তাৰকা ছইফ আলী খানৰ সমুখলৈ আহিছে আন এক বিপদ। পূৰ্বপুৰুষৰ সম্পত্তি হেৰুৱাব পাৰে অভিনেতা ছইফ আলী খান আৰু তেওঁৰ পৰিয়ালে। চৰকাৰৰ নিয়ন্ত্ৰণলৈ যাব পাটাউদি পৰিয়ালৰ বৃহৎ পৰিমাণৰ সম্পত্তি। সংশোধিত ‘এনিমি প্ৰপাটি এক্ট’, ২০১৭’ অনুসৰি ৩০ দিনৰ ভিতৰত পাটাউদি পৰিয়ালে পুনৰ আবেদন নকৰিলে চৰকাৰৰ নিয়ন্ত্ৰণলৈ যাব পাৰে এই বিশাল সম্পত্তি। পিছে পাটাউদি পৰিয়ালৰ এই সম্পত্তি বিবাদ অতি পুৰণি। পূৰ্বপুৰুষৰ অধিকাৰ সূত্ৰে অভিনেতা ছইফ আলী খানৰ পৰিয়ালে লাভ কৰি আহিছে এই সম্পত্তি। প্ৰকৃততে কি আছিল পাটাউদি পৰিয়ালৰ এই সম্পত্তি বিবাদ!

এনিমি প্ৰপাৰ্টি এক্ট’ৰ অধীনত চৰকাৰে লাভ কৰে এই সম্পত্তি। এয়া আছিল দেশ বিভাজনৰ সময়ত পাকিস্তানলৈ প্ৰব্ৰজন কৰা লোকৰ সম্পত্তি। পাটাউদি পৰিয়ালৰ নিয়ন্ত্ৰণতো আছিল এনে বহু সম্পত্তি । হামিদুল্লা খান জ্যেষ্ঠ কন্যা আবিদা চুলতানৰ আছিল এই সম্পত্তি। ভূপালৰ অন্তিম নবাব আছিল হামিদুল্লা খান ।

১৯৫০ত পাকিস্তানলৈ প্ৰব্ৰজন কৰিছিল হামিদুল্লা খানে । তেওঁৰ দ্বিতীয়া কন্যা ছাজিদা ৰৈ গৈছিল ভাৰতত। এই সম্পত্তিৰ উত্তৰাধিকাৰী হৈছিল ছাজিদা। চৰকাৰে দাবী কৰা মতে, সম্পত্তি এৰি আবিদা পাকিস্তানলৈ যোৱা বাবে এয়া শত্ৰুপক্ষৰ সম্পত্তিৰূপে বিবেচিত হৈছে। ছজিদা চুলতানৰ নাতিয়েক ছইফ আলী খান এই সম্পত্তিৰ এটা অংশৰ উত্তৰাধিকাৰী। এই সম্পত্তিত বসবাস কৰি আহিছে লক্ষাধিক পৰিয়াল। সম্প্ৰতি এই লোকসকলকো উচ্ছেদ কৰাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ ছেমিকণ্ডাক্টৰ উদ্যোগলৈ ভাবুকি; চাইবাৰ আক্ৰমণৰ পৰা সতৰ্ক হোৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ উদ্যোগক চাইবাৰ...

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...