কামাখ্যা মন্দিৰ চৌহদত চলিল EDৰ অভিযান, ৭.৬২ কোটি টকাৰ কেলেংকাৰিৰ তথ্য

কামাখ্যা মন্দিৰ চৌহদত চলিল দেশৰ এক তদন্তকাৰী সংস্থাৰ অভিযান। ঐতিহ্যমণ্ডিত কামাখ্যা মন্দিৰ চৌহদত চলিল EDৰ অভিযান। শক্তিপীঠ কামখ্যাৰ দেৱোত্তৰ ব’ৰ্ডৰ হাৱালা কেলেংকাৰি সন্দৰ্ভত এই অভিযান। অভিযোগ উঠিছে মন্দিৰৰ নিৰ্মাণ সামগ্ৰী ক্ৰয়ৰ নামত বৃহৎ কেলেংকাৰিৰ। পোহৰলৈ আহিছে ৭.৬২ কোটি টকাৰ কেলেংকাৰিৰ তথ্য। তদানীন্তন দেৱোত্তৰ ব’ৰ্ডৰ বহুকেইজন বিষয়ববীয়াৰ নাম ও লাইছে। নিৰ্মাণ সামাগ্ৰীৰ নামত টকা খাবলৈ তেওঁলোকে কৰিছিল কেলেংকাৰী। অভিযুক্তৰ আত্মীয়ৰ নামতো ভাগ লৈছিল কেলেংকাৰীৰ ধনৰ। অভিযান কালত ১.৮২ কোটি টকাৰ বীমা পলিচী জব্দ কৰিছে ED-এ। এইসমূহ বীমা পলিচীৰে নাম পোৱা গৈছে ব’ৰ্ডৰ বিষয়ববীয়াৰ আত্মীয়ৰো। দেৱোত্তৰ ব’ৰ্ডৰ মুখ্য প্ৰশাসক ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহত অভিযান।

আন বিষয়ববীয়াৰ বাসগৃহতো অভিযান চলালে ED-এ। মা কামাখ্যা মন্দিৰত সংঘটিত এই কেলেংকাৰীয়ে এতিয়া চকু কপালত তুলিছে ভক্তৰ। ইতিমধ্যে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে তদন্তকাৰী বিষয়াই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ ছেমিকণ্ডাক্টৰ উদ্যোগলৈ ভাবুকি; চাইবাৰ আক্ৰমণৰ পৰা সতৰ্ক হোৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ উদ্যোগক চাইবাৰ...

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...