মহম্মদ ছামীৰ কামবেক, বাদ পৰিল মহম্মদ ছিৰাজ…চেম্পিয়নছ ট্ৰফীক লৈ BCCI-এ দিলে চমক!

বিচিচিআই-এ শনিবাৰে চেম্পিয়নছ ট্ৰফীৰ বাবে টীম ইণ্ডিয়াৰ খেলুৱৈসকলৰ নাম ঘোষণা কৰে। দলটোৰ অধিনায়ক হিচাপে থাকিব ৰোহিত শৰ্মা, উপ-অধিনায়ক হ’ব শুবমান গীল। ফাষ্ট বলাৰ মহম্মদ ছামীয়ে দলত সুযোগ লাভ কৰিছে। ২০২৩ চনৰ নৱেম্বৰৰ পৰা আঘাতৰ বাবে দলৰ পৰা আঁতৰি আছিল ছামী।

বিচিচিআইয়ে আজি মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত এখন সংবাদমেলত ১৫ জনীয়া দলটোৰ কথা ঘোষণা কৰে। সংবাদমেলত অধিনায়ক ৰোহিত শৰ্মা আৰু মুখ্য নিৰ্বাচক অজিত আগৰকাৰ উপস্থিত আছিল।

১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ পাকিস্তান আৰু ইউ এ ইৰ ৪খন চহৰত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফীৰ খেলসমূহ। ইয়াৰ ভিতৰত আছে লাহোৰ, কৰাচী, ৰাৱলপিণ্ডি আৰু ডুবাই। ভাৰতীয় দলৰ সকলো খেল ডুবাইত অনুষ্ঠিত হ’ব।

চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষিত ভাৰতীয় দলটো হৈছে-

ৰোহিত শৰ্মা (অধিনায়ক)
বিৰাট কোহলি
শুভমন গীল
যশস্বী জয়ছোৱাল
কে এল ৰাহুল
শ্ৰেয়াছ আয়াৰ
হাৰ্দিক পাণ্ডিয়া
মহম্মদ ছামী
অৰ্শ্বদীপ সিং
ঋষভ পণ্ট
যশপ্ৰীত বুমৰাহ
ৰবীন্দ্ৰ জাডেজা
অক্ষৰ পেটেল
ৱাশ্বিংটন সুন্দৰ
কুলদ্বীপ যাদৱ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...