কেন্দ্ৰীয় কেবিনেটত ‘সৰ্বা’ IN, ‘তেলী’ OUT!

গুৱাহাটী, ১৯ জুন, NKTVকি হ’ব সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক ভৱিষ্যৎ? হাইকমাণ্ডৰ তলব পাই বৃহস্পতিবাৰৰ পৰা দিল্লীত বাহৰ পাতি আছে সৰ্বানন্দ সোণোৱাল। অসমৰ মুখ্যমন্ত্ৰিত্বৰ পদ হিমন্ত বিশ্ব শৰ্মাক এৰি দিয়াৰ বিনিময়ত সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ সুযোগ পাব বুলি খবৰ আহিছিল। শেহতীয়াকৈ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সময় চমু চাপি অহাৰ লগে লগে অসমৰ ৰাজনীতিতো চৰ্চা আৰম্ভ হৈছে। সৰ্বানন্দ সোণোৱালে দিল্লীত কেইবাজনো শীৰ্ষ নেতাক সাক্ষাৎ কৰিছে যদিও কেনে আলোচনা কৰিছে সেই বিষয়ে মুখ খোলা নাই। সোণোৱালৰ ৰাজনৈতিক ভৱিষ্যতৰ ওপৰতে কোন হ’ব ৰাজ্যিক বিজেপিৰ সভাপতি সেইকথাও নিৰ্ভৰ কৰিছে। ৰাজ্যত চৰ্চা হৈছে দুটা সমীকৰণ।

সমীকৰণ ১
সোণোৱাল কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী!
ৰামেশ্বৰ তেলী মন্ত্ৰীসভাৰ পৰা বাহিৰ!
সোণোৱালে পাব খাদ্য সংশাধন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰিত্ব!
ৰামেশ্বৰ তেলীক ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব!

সমীকৰণ ২
সোণোৱালক ৰাজ্যপাল নিযুক্তি!
ৰামেশ্বৰ তেলী মন্ত্ৰীসভাত বাহাল!
সিদ্ধাৰ্থ ভট্টাচাৰ্য, কামাখ্যা প্ৰসাদ তাছা, ৰঞ্জিত দত্তৰ যিকোনো এজনক ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব!

Sarbananda Sonowal Interview: We are here to protect interests of people of  Assam… they believe us. CAA will no way be an issue this election' |  Elections News,The Indian Express

ৰামেশ্বৰ তেলীক মন্ত্ৰীসভাৰ পৰা বাহিৰ কৰিলে চাহ জনজাতি ভোটাৰক সন্তুষ্ট কৰিবৰ বাবে তেওঁকে অথবা কামাখ্যা প্ৰসাদ তাছাক সভাপতিৰ পদ দিয়াৰ চিন্তা-চৰ্চা চলিছে বুলি খবৰ আহিছে। অৱশ্যে ৰামেশ্বৰ তেলী মন্ত্ৰীসভাত থাকিলে সভাপতি পদৰ বাবে প্ৰথম পচন্দলৈ আহিব সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম। সিদ্ধাৰ্থ ভট্টাচাৰ্যই অগ্ৰাহ্য কৰিলেহে তাছা অথবা আন এজনৰ নাম বিবেচনালৈ আহিব। কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ লগে লগে এই বিষয়টো পৰিস্কাৰ হৈ পৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...