পৰীক্ষা বাতিলঃ মূল্যায়নৰ বাবে কি বিকল্প আছে শিক্ষা বিভাগৰ?

গুৱাহাটী, ১৯ জুন, NKTV: মূল্যায়নৰ বাবে কি বিকল্প আছে শিক্ষা বিভাগৰ হাতত? শিক্ষা বিভাগে মূল্যায়ন কমিটী গঠন কৰাৰ সময়ত উত্থাপিত হৈছে জটিল প্ৰশ্ন! দশম শ্ৰেণীৰ মূল্যায়নৰ বাবে কোনো আভ্যন্তৰীণ পৰীক্ষাৰ ৰেকৰ্ড নাই ছেবাৰ হাতত। সকলো বিদ্যালয়ে টেষ্ট পৰীক্ষা পতাৰো কোনো তথ্য নাই। কেৱল নৱম শ্ৰেণীৰ নম্বৰৰ ভিত্তিত HSLCৰ মাৰ্কশ্বীট দিব পৰা যাবনে?

দ্বাদশ শ্ৰেণীৰ মূল্যায়নৰ বাবে দশম শ্ৰেণীৰ মাৰ্কশ্বীটৰ বাহিৰে একো তথ্য নাই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ওচৰত। একাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰা নাছিল। সকলো বিদ্যালয়ে বিশেষ পৰীক্ষা পতাৰ তথ্য অসম্পূৰ্ণ। চৰকাৰী বিদ্যালয়ে বিশেষ পৰীক্ষাৰ ফলাফল প্ৰেৰণ কৰিছে যদিও ব্যক্তিগত বিদ্যালয়ৰ কোনো তথ্য নাই।

সদৌ অসম ছাত্ৰ সন্থা আৰু এবছুৰ নেতৃবৰ্গৰে এসপ্তাহ পূৰ্বেও অনুষ্ঠিত বৈঠকত শিক্ষা বিভাগে জনাইছিল যে পৰীক্ষাৰ্থীৰ মূল্যায়ন কৰিব পৰা কোনো ব্যৱস্থা ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ হাতত নাই। সেয়েহে পৰীক্ষা অনুষ্ঠিত কৰাৰ কোনো বিকল্প নাই।

কিন্তু এসপ্তাহৰ পিছতে পৰীক্ষা বাতিল কৰি কি পন্থাৰে মূল্যায়ন কৰিব সেয়া নিৰ্ণয় কৰিবলৈ দুখনকৈ কমিটী গঠন কৰিছে। দশম শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাৰ মূল্যায়নৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ আলোক বুঢ়াগোহাঁই আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক দীপক কুমাৰ শৰ্মাৰ নেতৃত্বত দুখন কমিটী গঠন কৰি দিছে। এই কমিটীয়ে শিক্ষাৰ্থীক ন্যায় প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।

শিক্ষাবিদসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জটিল বিষয়টো অতি সাৱধানে অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ বিশেষজ্ঞ সমিতিক পৰামৰ্শ দিছে।

মূল্যায়ন কৰোঁতে বহু ছাত্ৰ-ছাত্ৰীয়ে উচিত ন্যায় নাপাব বুলি আশংকা প্ৰকাশ কৰিছে শিক্ষাবিদ ডঃ সীতানাথ লহকৰে।

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক অগ্ৰাধিকাৰ দি মূল্যায়ন নীতি প্ৰস্তুত কৰাটোৱেই কমিটীৰ প্ৰথম প্ৰত্যাহ্বান হ’ব।

কমিটী দুখনৰ প্ৰতিবেদনৰ ওপৰতে অসমৰ প্ৰায় ৭ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিছে।

ব্যুৰ’ ৰিপ’ৰ্ট, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...