ভাৰতত নিষিদ্ধ; কিন্তু মণিপুৰত কিদৰে ওলাল ইলন মাস্কৰ ষ্টাৰলিংক ডিভাইচ?

শেহতীয়াকৈ মণিপুৰত উগ্ৰপন্থীৰ পৰা উদ্ধাৰ কৰা হৈছে ষ্টাৰলিংক ডিভাইচ। যদিও সেই কাণ্ডৰ পিছত ইলন মাস্কে দাবী কৰিছিল যে, এই ডিভাইচটো ষ্টাৰলিংকৰ নহয়। এইটো ভুৱা। এনে পৰিৱেশত কেন্দ্ৰীয় চৰকাৰে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। চৰকাৰে ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ পিছত মণিপুৰত ষ্টাৰলিংক ডিভাইচৰ জৰিয়তে ইণ্টাৰনেট ব্যৱহাৰ কৰা হৈছিল নেকি সেই বিষয়ে জানিবলৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহে তৎপৰতা অৱলম্বন কৰিছে।

মন কৰিবলগীয়া যে, ১৩ ডিচেম্বৰত অসম ৰাইফলছৰ এটা দলে পূব ইম্ফল জিলাৰ পৰা এটা যন্ত্ৰ উদ্ধাৰ কৰে। ইয়াত ষ্টাৰলিংকৰ ল’গ’ আছিল। মন কৰিবলগীয়া যে, ভাৰতত বৰ্তমান ষ্টাৰলিংক ডিভাইচৰ অনুমতি নাই। অভিযোগ উত্থাপন হৈছে যে, উদ্ধাৰ হোৱা ষ্টাৰলিংক ডিভাইচটো মাওৰী বিচ্ছিন্নতাবাদীয়ে ব্যৱহাৰ কৰিছিল। সেই ৰাউটাৰটোত ‘RPF/PLA’ লিখা আছিল। ইয়াৰ অৰ্থ – বিপ্লৱী পিপলছ ফ্ৰণ্ট/পিপলছ লিবাৰেচন আৰ্মী বুলি বিশ্বাস কৰা হয়। এইটো এটা নিষিদ্ধ সংগঠন। ইফালে ইলন মাস্কে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দাবী কৰিছে যে, ভাৰতত ষ্টাৰলিংক ইণ্টাৰনেট সেৱা উপলব্ধ নহয়। তেওঁ এটা পোষ্টত লিখিছে, ‘ভাৰতৰ ওপৰত ষ্টাৰলিংক উপগ্ৰহ বিকল কৰি ৰখা হৈছে।’ ইফালে বিগত ১৯ মাহত মণিপুৰত বিভিন্ন সময়ত ইণ্টাৰনেট সেৱা বন্ধ হৈ পৰিছিল। এই পৰিৱেশত এই ষ্টাৰলিংক ডিভাইচটোৰ আৱিষ্কাৰে বহু জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে।

ইয়াৰ পূৰ্বে আন্দামান সাগৰত ‘ভাৰতলৈ আহিবলগীয়া ড্ৰাগছৰ বৃহৎ কনছাইনমেন্ট’ জব্দ কৰা হৈছিল। ম্যানমাৰৰ পৰা অহা চোৰাংচোৱাই সেই সময়ত ষ্টাৰলিংক ডিভাইচ ব্যৱহাৰ কৰিছিল। সেই ঘটনাৰ পিছত ভাৰত চৰকাৰে ষ্টাৰলিংকলৈ চিঠি লিখি জব্দ কৰা ষ্টাৰলিংক ডিভাইচসমূহৰ মালিকীস্বত্বৰ বিষয়ে সুধিছিল। কিন্তু ডাটা গোপনীয়তা নীতিৰ অজুহাতত ষ্টাৰলিঙ্কে সেই তথ্য দিবলৈ অস্বীকাৰ কৰে। শেহতীয়াকৈ, ইম্ফল পূৱ জিলাতো কেইবাবিধো যুদ্ধৰ সা-সঁজুলি উদ্ধাৰ কৰা হৈছে। সেই সামগ্ৰীসমূহৰ ভিতৰত আছে ইণ্টাৰনেট ছেটেলাইট এণ্টেনা আৰু উন্নত ৰাইফল। তাত ‘ষ্টাৰলিংক’ বুলি চিহ্নিত ৰাউটাৰ এটাও আছিল।

খবৰ অনুসৰি ষ্টাৰলিংক ডিভাইচসমূহ ক্ৰমাগতভাৱে উদ্ধাৰ হোৱাৰ বাবে ৰাষ্ট্ৰবিৰোধীসকলৰ বাবে বিকল্প অবৈধ যোগাযোগ নেটৱৰ্ক সৃষ্টি হোৱাৰ আশংকা কৰিছে চৰকাৰে। এনে পৰিস্থিতিত অমিত শ্বাহৰ মন্ত্ৰালয়ে কেন্দ্ৰীয় দূৰসংযোগ মন্ত্ৰালয়ক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। প্ৰসংগক্ৰমে ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ আবেদন চৰকাৰৰ ওচৰত দাখিল কৰা হৈছে। এতিয়াও অনুমোদন হোৱা নাই। সেই অনুমোদন এতিয়াও নিৰাপত্তাজনিত কাৰণত দিয়া হোৱা নাই। ইফালে, চোৰাংচোৱা আৰু উগ্ৰপন্থীৰ পৰা ষ্টাৰলিংক ডিভাইচ উদ্ধাৰ কৰাৰ বাবে মাস্কৰ কোম্পানীটো অস্বস্তিত পৰিছে। এই সকলোবোৰৰ মাজতে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই তদন্ত আৰম্ভ কৰিলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...