প্ৰথম খো খো বিশ্বকাপত ভাৰতৰ অপৰাজেয় জয়যাত্ৰা

ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলে অপৰাজেয় জয়যাত্ৰা অব্যাহত ৰাখি চলিত প্ৰথম খো খো বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাৰ যোৱানিশা অনুষ্ঠিত খেলত ভাৰতৰ মহিলা দলে ইৰাণক পৰাস্ত কৰাৰ বিপৰীতে আয়োজক দেশৰ পুৰুষ দলটোৱে পেৰুৰ বিৰুদ্ধে জয় অৰ্জন কৰিবলৈ সক্ষম হয়৷

গ্ৰুপৰ প্ৰথম খেলত অভিলেখ গঢ়ি দক্ষিণ কোৰিয়াক ১৭৫-১৮ৰ ব্যৱধানত হৰুৱাই সতেজ হৈ ভাৰতীয় মহিলা দলে বুধবাৰে নিজৰ আগ্ৰাসী প্ৰদৰ্শন অপৰিবৰ্তীত ৰাখি ইৰাণক ৮৪ পইণ্টত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ ক্ৰমাগত দ্বিতীয় মেচত জয়ৰ সফলতাৰে ভাৰতীয় মহিলা দলে কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে৷ উল্লেখ্য যে মেচৰ প্ৰথম চেকেণ্ডৰ পৰাই কৰ্টত আধিপত্য বিস্তাৰ কৰি ৱ’মেন ইন ব্লু দলে ১০০-১৬ ত পৰাস্ত কৰে ইৰাণৰ মহিলা দলটোক৷

মেচখনত ভাৰতৰ ট্ৰেডমাৰ্ক আগ্ৰাসী আৰম্ভণিৰ নেতৃত্ব দিছিল অশ্বিনীয়ে৷ আনহাতে, মীনুৱে একাধিক টাচ পইণ্টেৰে নিজৰ চমকপ্ৰদ ফৰ্ম অব্যাহত ৰাখি ভাৰতক টাৰ্ণত আকৰ্ষণীয় ৫০ পইণ্ট সংগ্ৰহ কৰাত সহায় কৰে৷ ইফালে, ৱাজিৰ নিৰ্মলাৰ কৌশলগত খেল তথা অধিনায়িকা প্ৰিয়ংকা ইংলেৰ লগতে নিৰ্মলা ভাটি আৰু নাছৰিনৰ সহযোগিতাত ভাৰতে নিজৰ শক্তি আকৌ এবাৰ প্ৰতিষ্ঠা কৰে৷

প্ৰিয়ংকা মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হোৱাৰ বিপৰীতে মীনু শ্ৰেষ্ঠ ডিফেণ্ডাৰ তথা শ্ৰেষ্ঠ আক্ৰমণকাৰী নিৰ্বাচিত হয় মবিনা৷ নকআউটত প্ৰৱেশ কৰা ভাৰতীয় মহিলা দলে আজি নিশা অন্তিম গ্ৰুপ মেচত মালয়েছিয়াৰ মুখামুখি হ’ব৷ এই মেচৰ ফলাফলৰ পাছতে কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ প্ৰতিদ্বন্দ্বীও নিশ্চিত হ’ব৷

ইফালে, ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত যোৱানিশা অনুষ্ঠিত পুৰুষৰ খেলত পেৰুৰ বিৰুদ্ধে ৭০-৩৮ ৰ ব্যৱধানত জয়লাভ কৰি ভাৰতীয় দলটোৱে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে৷ ক্ৰমাগত তৃতীয়খন মেচত জয়ৰে প্ৰতিযোগিতাত নিজৰ আকৰ্ষনীয় দৌৰ অব্যাহত ৰাখি মেন ইন ব্লুৱে কৌশলগত শ্ৰেষ্ঠত্বৰ লগতে এথলেটিক দক্ষতা প্ৰদৰ্শন কৰি গ্ৰুপৰ এখন মেচ খেলিবলৈ বাকী থাকোতেই নকআউটত প্ৰৱেশ কৰিবলৈ সক্ষম হয়৷

ইয়াৰপূৰ্বে ভাৰতৰ পুৰুষ দলটোৱে প্ৰথম মেচত নেপালৰ বিৰুদ্ধে ৪২-৩৭ ৰ ব্যৱধানত আৰু দ্বিতীয় গ্ৰুপত মেচত ব্ৰাজিলক ৬৪-৩৪ ৰ ব্যৱধানত হৰুৱাইছিল৷ আজি নিশা নিজৰ অন্তিম গ্ৰুপ মেচত ভাৰত ভূটানৰ মুখামুখি হ’ব৷ ছখন মহাদেশৰ ২৪ খন ৰাষ্ট্ৰৰ ৩৯ টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল ১৭ জানুৱাৰীত হোৱাৰ বিপৰীতে ১৮ জানুৱাৰীত ছেমিফাইনেল আৰু ১৯ জানুৱাৰীত ফাইনেল অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে ভাৰতীয় খো খো ফেডাৰেচনে [কে কে এফ আই] ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ [ছাই] ৰ তত্বাৱধানত তথা ভাৰতীয় অলিম্পিক সন্থাৰ সহযোগত আয়োজন কৰা প্ৰতিযোগিতাৰ প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলৰ লগতে তৃতীয় স্থানৰ শ্ৰেষ্ঠ দুটা দলে কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘ষ্ট্ৰেইট অৱ হৰমুজ’ত ট্ৰাম্প প্ৰস্তাৱিত ২০% টোলে পেট্ৰ’ল, ডিজেলৰ দাম কিয় বৃদ্ধি কৰিব পাৰে?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অলপতে ঘোষণা কৰা এক...

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...