প্ৰতিটো পৰিয়ালক ২৫ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য বীমাৰ সুবিধা দিব কংগ্ৰেছে

দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ দলে গ্রহণ কৰিছে নির্বাচনী তৎপৰতা। দিল্লীত দলটো ক্ষমতালৈ আহিলে প্রতিটো পৰিয়ালৰ বাবে ২৫ লাখ টকা পর্যন্ত স্বাস্থ্য বীমাৰ অন্তর্ভুক্ত কৰিব বুলি সদৰী কৰিছে। বুধবাৰে কংগ্ৰেছ দলে দিল্লীৰ জনসাধাৰণৰ বাবে স্বাস্থ্য বীমা আঁচনিৰ জীৱন ৰক্ষা যোজনা ঘোষণা কৰে। জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্রী অশোক গেহলটে দিল্লীৰ নিৰ্বাচনত স্বাস্থ্যখণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰচাৰ চলোৱাৰ ইংগিত দিছে। তেওঁ দিল্লীৰ বাসিন্দাসকলৰ বাবে জীৱন ৰক্ষা যোজনা গুৰুত্বপূৰ্ণ হ’ব বুলি মন্তব্য কৰে। তেওঁ লগতে দিল্লীত কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা বৃদ্ধি হোৱাৰ কথাও ব্যক্ত কৰে। বুধবাৰে ঘোষণা কৰা জীৱন ৰক্ষা যোজনাৰ জৰিয়তে প্রতিটো পৰিয়ালক ২৫ লাখ টকাৰ বীমা আঁচনিৰ অন্তৰ্ভূক্ত কৰাৰ আশ্বাস দিয়ে কংগ্রেছ দলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।...

ACA ক্ৰিকেট একাডেমীত দেশৰ অন্যতম বৃহৎ ইনড’ৰ ক্ৰিকেট সুবিধা মুকলি

উত্তৰ গুৱাহাটীৰ ফুলুঙত থকা এচিএ ক্ৰিকেট একাডেমীত দেশৰ অন্যতম...

মহানগৰীৰ বিড়ম্বনা! গুৱাহাটীত আকৌ বান…

মানুহ গৈ চন্দ্ৰ পালেগৈ, সৌ সিদিনা মহাকাশত বহুকেইটা মাহ...

নতুন দিল্লীত মোদী-পুটিনৰ বৈঠক : বাণিজ্য, প্ৰতিৰক্ষা আৰু ইউক্ৰেইন যুদ্ধক লৈ গুৰুত্বপূৰ্ণ আলোচনা

নতুন দিল্লীত শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি...