ট্রাম্পৰ হোটেলৰ বাহিৰত সংঘটিত চাইবাৰট্ৰাক বিস্ফোৰণৰ পৰিকল্পনাত ব্যৱহাৰ হৈছিল AI

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লাছ ভেগাছত নৱবৰ্ষৰ দিনটোত ট্রাম্পৰ হোটেলৰ বাহিৰত সংঘটিত টেছলা চাইবাৰট্রাক আক্ৰমণৰ ঘটনাত ChatGPT ব্যৱহাৰ হৈছিল। AIৰ জৰিয়তে প্রথমবাৰৰ বাবে আমেৰিকাৰ ভূখণ্ডত এনে আক্রমণ সংঘটিত হোৱাৰ বাতৰি সদৰী কৰিছে আৰক্ষীয়ে। লাছ ভেগাছৰ আৰক্ষীয়ে উক্ত বিস্ফোৰণৰ পাছত সদৰী কৰা মতে টেছলাৰ ট্রাকখন বিস্ফোৰিত হোৱাৰ পূর্বে ৩৭ বছৰীয়া মেথিউ লাইভেলছবাৰ্গাৰ নামৰ এজন লোকে নিজকে গুলীয়াইছে। উক্ত আক্রমণত বিস্ফোৰণ সন্দৰ্ভত তথ্য লাভৰ বাবে AI চাটবোট ব্যৱহাৰ কৰা হৈছে। আৰক্ষীৰ অনুসন্ধান অনুসৰি লাইভেলছবার্গাৰে আন কোনো লোকক হত্যাৰ লক্ষ্য হিচাপে লোৱা নাছিল। নৱবৰ্ষৰ দিনটোত তেওঁ ভাৰাত লোৱা টেছলাৰ গাড়ীখনত নিজকে গুলীয়াই দিয়াৰ পাছত গাড়ীখনত থকা ইন্ধনৰ কন্টেইনাৰ আৰু আতচবাজীসমূহ বিস্ফোৰিত হয়। এই ঘটনাত সাতজন লোক সামান্যভাৱে আহত হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...