বৃহৎ সামুদ্রিক শক্তি হোৱাৰ দিশত ভাৰত

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে মুস্থাৰ নৌ সেনা বাহিনীৰ পোতাশ্রয়ত ৩খন আগশাৰীৰ জাহাজ ক্রমে আই এন এছ চুৰাট, আই এন এছ নীলগিৰি আৰু আই এন এছ বাঘশিৰক নৌ সেনা বাহিনীত অন্তর্ভুক্ত কৰে। এই জাহাজকেই খনৰ অন্তর্ভুক্তিয়ে দেশৰ প্ৰতিৰক্ষা বাহিনীসমূহক শক্তিশালী কৰি তুলিব আৰু আত্মনিৰ্ভৰ ভাৰত উদ্যমক গতি প্রদান কৰিব বুলি আশা কৰা হৈছে। যুদ্ধ জাহাজ তিনিখন প্ৰতিৰক্ষা নিৰ্মাণ আৰু সামুদ্রিক সুৰক্ষাৰ ক্ষেত্ৰত বিশ্ব নেতৃত্ব ৰূপে পৰিগণিত হোৱাৰ দেশৰ সপোন বাস্তৱায়িত কৰাৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে বিবেচিত হৈছে। নীলগিৰি শীৰ্ষক জাহাজখন সহজে ৰাডাৰৰ নিৰীক্ষণৰ আওতালৈ নাহে। একেদৰে, অত্যাধ্যূনিক সা-সুবিধাৰে সু-সজ্জিত চুৰাট নামৰ যুদ্ধ জাহাজখন আৰ্হি আৰু সামর্থ্যৰে যথেষ্ট উন্নত। অত্যাধুনিক বিমান পৰিবহণ সুবিধাৰে সু-সজ্জিত নীলগিৰি আৰু চুৰাট জাহাজ দুখনৰ দিন আৰু নিশাৰ ভাগত অভিযান চলাবৰ বাবে বিভিন্ন ধৰণৰ হেলিকপ্টাৰ সঞ্চালনৰ সুবিধা আছে। ৱাঘশিৰ জাহাজখন বিশ্বৰ বহুমুখী ডিজেল বিদ্যুৎ ছাবমেৰিনসমূহৰ ভিতৰত অন্যতম। অনুষ্ঠানত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে কয় যে ভাৰত এক বৃহৎ সামুদ্রিক শক্তি হ’বলৈ আগবাঢ়িছে। মোদীয়ে লগতে কয় যে এটা মুক্ত, সুৰক্ষিত আৰু সমৃদ্ধ ভাৰত-প্রশান্ত মহাসাগৰ অঞ্চলৰ প্ৰতি ভাৰতৰ সমৰ্থন সদায় আছে।

Popular

More like this
Related

চৰকাৰী কৰ্মচাৰীৰ মুখত হাঁহি বিৰিঙিব, কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দিলে ভাল খবৰ

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা সংশোধন কৰিবলৈ অষ্টম দৰমহা আয়োগৰ...

ভাৰতত নিষিদ্ধ; কিন্তু মণিপুৰত কিদৰে ওলাল ইলন মাস্কৰ ষ্টাৰলিংক ডিভাইচ?

শেহতীয়াকৈ মণিপুৰত উগ্ৰপন্থীৰ পৰা উদ্ধাৰ কৰা হৈছে ষ্টাৰলিংক ডিভাইচ।...

প্ৰথম খো খো বিশ্বকাপত ভাৰতৰ অপৰাজেয় জয়যাত্ৰা

ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলে অপৰাজেয় জয়যাত্ৰা অব্যাহত...

প্ৰতিটো পৰিয়ালক ২৫ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য বীমাৰ সুবিধা দিব কংগ্ৰেছে

দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ দলে গ্রহণ কৰিছে নির্বাচনী...