সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দিছপুৰস্থিত জনতা ভৱন পৰিসৰৰ লোকসেৱা ভৱনৰ সভাকক্ষত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে এক বৈঠকত মিলিত হয়। এই বৈঠকত কৰ্মচাৰী পৰিষদৰ বিভিন্ন দাবীৰ লগতে কৰ্মচাৰীসকলৰ কল্যাণ সম্পর্কীয় বিভিন্ন বিষয় আলোচনা কৰা হয়।

বৈঠকত ৰাজ্যৰ কৰ্মশক্তিক গতিশীল কৰাৰ লক্ষ্যৰে কৰ্মচাৰীসকলৰ আশা-আকাংক্ষা পূৰণ কৰাৰ উদ্দেশ্যে সেৱা বিধিৰ সংশোধনৰ প্ৰস্তাৱ, আপোন ঘৰ আঁচনিৰ সম্প্ৰসাৰণ, চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স আদি বিভিন্ন বিষয় আলোচনা কৰা হয়। ৰাজ্যৰ কৰ্মশক্তিৰ কল্যাণৰ স্বাৰ্থত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ সমান্তৰালভাৱে স্বাস্থ্য প্রতিষ্ঠানসমূহত চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ নগদবিহীন চিকিৎসাৰ সুবিধাৰ প্ৰয়োজনীয়তা আদি বিষয়সমূহে আলোচনাকালত স্থান লাভ কৰে।

মুখ্যমন্ত্রী ড° শর্মাই কয় যে, ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ কল্যাণৰ দিশত নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ নৱনির্বাচিত সমিতিখনে যিসমূহ বিষয় আলোচনাকালত উপস্থাপন কৰিছে ৰাজ্য চৰকাৰে সেইসমূহ বিচাৰ-বিবেচনা কৰি যাৱতীয় পদক্ষেপ গ্রহণ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অধিক নিষ্ঠা আৰু দায়বদ্ধতাৰে ৰাজ্যবাসীৰ সেৱাত অসমৰ কৰ্মচাৰী সমাজক আত্মনিয়োগ কৰি যাবলৈ আহ্বান জনায়। সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিসকলে তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্রীক কৃতজ্ঞতা জ্ঞাপন কৰে।

সভাত মুখ্য সচিব ড° ৰবি কোটা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড° কে কে দ্বিবেদীৰ উপৰি অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গৰ লগতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মা আৰু সাধাৰণ সম্পাদক পংকজ বর্মন প্ৰমুখ্যে পৰিষদৰ নৱনিৰ্বাচিত সমিতিৰ সদস্যবৃন্দ উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...