বন্ধুৰ হাততেই প্ৰাণ গ’ল বন্ধুৰ

কাক বিশ্বাস কৰিব মানুহে? এইবাৰ বন্ধুৰ হাততেই প্ৰাণ গ’ল বন্ধুৰ। জঘন্য কাণ্ডই জোকাৰিছে তিতাবৰ। তিতাবৰৰ মাধপুৰ শলগুৰিৰ ওৰাং গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড। মুনু চুতীয়া নামৰ লোকজনে মূৰত কুঠাৰে ঘপিয়াই হত্যা কৰিলে বন্ধু গুদু গগৈক। প্ৰথমে সামান্য কথাতে তৰ্কাতৰ্কি লাগিছিল দুয়োৰে মাজত, পিছত সেই তৰ্কা-তৰ্কিয়েই ল’লেগৈ ভয়ংকৰ ৰূপ। আনফালে দুয়োৰে কাজিয়া ভাঙিবলৈ যাওঁতে মুনুৰ কুঠাৰৰ ঘাপত আহত হয় মৃত গুদু গগৈৰ মাতৃও। পৰৱৰ্তী সময়ত আহত মহিলাগৰাকীক ভৰ্তি কৰোৱা হয় তিতাবৰ অসামৰিক চিকিৎসালয়ত। ঘটনাস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...

আন্তঃৰাষ্ট্ৰীয় তাৰকা নহয়, জন আব্ৰাহামৰ পছন্দ অসমৰ খেলুৱৈ!

বলিউড অভিনেতা তথা নৰ্থইষ্ট ইউনাইটেডৰ মালিক জন আব্ৰাহামে নিজৰ...