পুনৰ চীনত কৰোনা সদৃশ ভাইৰাছৰ সংক্ৰমণ

নতুন বছৰৰ আৰম্ভণিতে পুনৰ এবাৰ চীনত দেখা গৈছে কৰোণা সদৃশ ভাইৰাছৰ সংক্ৰমণ। HMPV নামৰ এবিধ ভাইৰাছৰ সংক্ৰমণ হোৱা বুলি চীনৰ বহু প্ৰান্তত ইতিমধ্যে চিকিৎসালয়সমূহত দেখা গৈছে ৰোগীৰ ভিৰ। লাহে লাহে সংক্ৰমণ বৃদ্ধি হোৱাত দেশখনৰ প্ৰায় সংখ্যক লোকে এই সংক্ৰমণৰ বলি হৈছে। বিশেষকৈ চীনৰ দক্ষিণ প্ৰান্তত এই ভাইৰাছবিধৰ সংক্ৰমণ হোৱা বুলি প্ৰকাশ বিশ্বৰ বিভিন্ন সংবাদ মাধ্যমত। ইফালে এই HMPV ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পালেও কিন্তু এই ক্ষেত্রত যিকোনো মন্তব্যৰ পৰা বিৰত আছে চীন। ৰঙা চীনে বৰ্তমান মুহুর্ত পৰ্যন্ত জাৰি কৰা নাই HMPV ভাইৰাছৰ সংক্ৰমণৰ তথ্য। চীনৰ ডিজিজ কন্ট্রোল অথিৰিটিৰ ফালৰ সামান্য শ্বাস প্রশ্বাস সম্বন্ধীয় এক ৰোগৰ সংক্ৰমণ বুলি তথ্য প্ৰকাশ পোৱাত, এতিয়া চিন্তা ব্যক্ত কৰিছে বৈদেশিক মহলে। কিয়নো পূৰ্বেও চীনে কৰ’ণা ভাইৰাছৰ সময়ত তথ্য গোপন কৰাত ভয়াবহ ৰূপ ৰৈছিল ভাইৰাছবিধৰ সংক্ৰমণে। পুনৰ চীনত এই ধৰণৰ ছবি প্ৰকাশ পোৱাত এতিয়া বিশ্বৰ বহু দেশৰ লগতে চিন্তিত হৈ পৰিছে ভাৰত। শনিবাৰে ভাৰতৰ কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে এই ক্ষেত্রত কঢ়া নজৰ ৰখাৰ কথা উল্লেখ কৰে। স্বাস্থ্য মন্ত্রণালয়ে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO কো এই বিষয়ে তথ্য যোগান ধৰাৰ অনুৰোধ কৰে। তেলেংগানা আৰু কেৰেলাৰ ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত সজাগ হৈ থকাৰ কথা উল্লেখ কৰে। ইফালে US center for disease Control ৰ ফালৰ পৰা এই ভাইৰাছবিধক এক সাধাৰণ শ্বাস-প্রশ্বাস সম্বন্ধীয় ভাইৰাছ বুলি সদৰী কৰে। এতিয়া সময়েহে ক’ব চীনৰ এই নতুন ভাইৰাছবিধে কি ৰূপ ধাৰণ কৰে লগতে এই ক্ষেত্ৰত কি ব্যৱস্থা লয় ৰঙা চীনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...