গুৱাহাটী মহানগৰীৰ গীতামন্দিৰৰ সমীপৰ কৈলাস নগৰত চাঞ্চল্যকৰ ঘটনা

ঘৰৰ চৌহদতে দুৰ্বৃত্তই জ্বলালে ৫খনকৈ মটৰচাইকেল। গুৱাহাটী মহানগৰীৰ গীতামন্দিৰৰ সমীপৰ কৈলাস নগৰত চাঞ্চল্যকৰ ঘটনা। CCTVত বন্দী অগ্নিসংযোগৰ শিহৰণকাৰী দৃশ্য।

শনিবাৰে নিশা এঘৰৰ চৌহদত ৰখাই থোৱা দুচকীয়া বাহনত এইদৰে অগ্নিসংযোগ দুৰ্বৃত্তৰ। নিশা ১.১৬ বজাত অগ্নিসংযোগ ৫ খনকৈ দুচকীয়া বাহনত। অগ্নিকাণ্ডৰ ফলত তিনিখন বাহন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে দুখন বাহন আংশিকভাৱে ভস্মীভূত। অগ্নিকাণ্ডত কিছু পৰিমানে ক্ষতিগ্ৰস্থ কাষতে থকা নামঘৰ।

ঘটনাৰ পাছতেই স্থানীয় লোকে নিশাই খবৰ দিয়ে গীতানগৰ আৰক্ষীক। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। CCTV ৰ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। বিশ্বজিৎ পাটগিৰি নামৰ এজনৰ বিৰুদ্ধে অগ্নিসংযোগৰ অভিযোগ। কিন্তু, আশ্চয্যজনকভাৱে অভিযুক্ত বিশ্বজিৎ পাটগিৰি বৰ্তমান পলাতক। ইতিমধ্যে গীতানগৰ আৰক্ষীয়ে আটক কৰিছে বিশ্বজিৎ পাটগিৰিৰ দেউতাকক। এতিয়া আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব কোনে কিয় সংঘটিত কৰিলে এই ভয়ংকৰ কাণ্ড।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন সিন্দূৰক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অপাৰেচন সিন্দূৰৰ সময়ত...

অপাৰেচন কেলাৰ কি?

অপাৰেচন কেলাৰ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ...

ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে...

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...