তোৰে হৈ থাকিমে বুলি কৈ গুচি গ’ল বেলেগৰ সৈতে!

‘…তোৰে হৈ থাকিমে কচম’, এই গীতটিতেই মুখৰ ভাজ সলাই সলাই ৰীল বনাইছিল মানুহগৰাকীয়ে। বাঢ়িছিল ফল’ৱাৰ্ছ। পাইছিল লাইক। ভাল পাইছিল স্বামীয়েও। স্বামীয়ে হয়তো ভাবিছিল সদায় তেওঁৰ হৈ থকাৰ থকাৰ কথাই কৈছিল। কিন্তু কথাবোৰ ভবাৰ দৰে নহ’ল। মোবাইলৰ ব্যৱহাৰ নজনা পত্নীয়ে ৰীল বনাই বনাই এৰি থৈ গ’ল স্বামীক।

ঘটনা নলবাৰীৰ। স্বামী অবনি কলিতাৰ অভিযোগ অনুসৰি ৰীল বনাই প্ৰেমত পৰিছিল তেওঁৰ পত্নী। বিগত কিছুদিনে ৫বছৰীয়া কন্যা সন্তান সহিতে নিৰুদ্দেশ হৈ থকা তেওঁৰ পত্নী হেনো পলাই গ’ল প্ৰেমিকৰ সৈতে। নলবাৰীৰে বালিজাৰৰ মৃদুল বৰ্মনৰ সৈতে পলাই যোৱাৰ অভিযোগ উত্থাপন কৰিছে লোকজনে। নলবাৰী সদৰ থানাত এজাহাৰ দিছে যদিও বৰ্তমানেও আৰক্ষীয়ে পোৱা নাই কোনো সন্ধান৷

উল্লেখ্য যে নিৰুদ্দেশৰ পিছৰে পৰাই মোবাইলো অফ হৈ আছে মহিলাগৰাকীৰ। এই ঘটনাই এতিয়া সৃষ্টি কৰিছে ৰহস্যৰ। সঁচাকৈয়ে মহিলাগৰাকী পলাই গ’ল নেকি মৃদুল বৰ্মনৰ সৈতে? আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব সমগ্ৰ ঘটনা। কিন্তু বাৰে বাৰে সংঘটিত হোৱা পৰকীয়া প্ৰেমৰ এনে ঘটনা উদ্বেগজনক। প্ৰশ্ন হয়, কি হৈছে একাংশৰ? কিয় বাৰে বাৰে সংঘটিত হৈছে এনে ঘটনা। মোবাইল ব্যৱহাৰ কৰক। বনাওক ৰীল। কিন্তু তাৰ মাজতেই মোবাইলৰ ব্যৱহাৰ নজনা একাংশৰ এনে কাণ্ডই হতচকিত কৰিছে সকলোকে। প্ৰশ্ন উত্থাপন হয়, মোবাইলৰ পৰা কেৱল নেতিবাচকখিনিয়েই গ্ৰহণ কৰা একাংশৰ এনে কাণ্ডই শেষ কৰিব নেকি সমাজ? এনে একাংশৰ পৰা কি শিকিব উঠি অহা প্ৰজন্মই। সঁচাই এনে খবৰ উদ্বেগজনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...