আইৰ মুখৰ ভাষাই স্বীকৃতি পাবনে? অসমীয়া লিপিয়ে ইউনিক’ডত স্বতন্ত্ৰ স্থান পাব কেতিয়া?

২০২৪ বৰ্ষত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভৰ খবৰে উত্ফুল্লিত কৰিছে সমগ্ৰ অসমবাসীক। লগে লগে অসমীয়া আৰু বঙালী ভাষাৰ পৃথকীকৰণ আৰু স্বতন্ত্ৰতাক লৈ দীৰ্ঘদিনে উত্থাপিত দাবীৰ পৰিসমাপ্তি ঘটিছিল। ২০২৪ বৰ্ষৰ ৩ অক্টোবৰ তাৰিখে ভাৰত চৰকাৰে প্ৰতিগৰাকী স্বাভিমানী অসমীয়াৰ মন-প্রাণ আহ্লাদিত কৰি অসমীয়া ভাষাক ‘ধ্রুপদী ভাষা’ৰ মৰ্যদা প্ৰদান কৰিছিল। এই মৰ্যদা লাভৰ পিছতে অসম চৰকাৰে ৩ নৱেম্বৰৰ পৰা ৯নৱেম্বৰ পৰ্যন্ত সমগ্ৰ ৰাজ্যত উদযাপন কৰা হৈছিল ভাষা গৌৰৱ সপ্তাহ৷ ২০২৫ বৰ্ষতো অসম চৰকাৰে কিতাপৰ বৰ্ষ উদযাপনৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু এতিয়াও অসমীয়া লিপিয়ে ইউনিক’ডত স্বতন্ত্ৰ স্থান পোৱা নাই। এই স্বীকৃতিৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰীলৈ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াই পত্ৰ প্ৰেৰণ কৰিছে। অসমীয়া লিপিক মান্যতা দি ইউনিক’ডত ইয়াক স্বতন্ত্ৰ স্থান প্ৰদানৰ আহ্বান। অসমীয়া ভাষাৰ প্ৰাচীন সাহিত্যসমূহ ইংৰাজী আৰু আন ভাষালৈ অনুবাদৰ আহ্বান। অৰ্থনৈতিক ক্ষেত্ৰৰ সৈতে অসমীয়া ভাষাক সংযোজিত কৰাৰো আহ্বান শইকীয়াৰ। ইয়াৰ দ্বাৰা ৰাজ্যৰ বিভিন্ন প্ৰতিষ্ঠানত আৰু চৰকাৰী চাকৰিত স্থানীয় যুৱক যুৱতীৰ মকৰলৰ পথ সূচনা কৰিব লাগে। ⁠ৰাজ্যিক ভাষা আইনৰ ব্যৱস্থা নিশ্চিত কৰিব লাগে। প্ৰাক্তন সভাপতিজনৰ পত্ৰৰ কি সঁহাৰি জনাই সেয়া সময়ত হ’ব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...