টাইৱান চীনৰ অবিচ্ছেদ্য অংগ, কঠোৰ সকীয়নি চীনৰ

টাইৱানক সকীয়নি চীনৰ। কোনো পৰিস্থিতিতে কোনো শক্তিয়ে টাইৱান দখলৰ পৰা চীনক বাধা দিব নোৱাৰিব। চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে দেশবাসীৰ উদ্দেশ্যে ভাষণ দি এইদৰে সকীয়াই দিয়ে। ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতি জিনপিঙে কয় যে, টাইৱান প্ৰণালীৰ দুয়ো প্ৰান্তৰ মানুহ একেটা পৰিয়ালৰে অংশ। এই বান্ধোন কোনেও ভংগ কৰিব নোৱাৰে আৰু ইয়াক পুনৰ একত্ৰিতকৰণৰ পৰা চীনক কোনেও বাধা দিবলৈ সক্ষম নহ’ব। ৰাষ্ট্ৰপতি জিন পিঙৰ এই দখলদাৰী মন্তব্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্ন মহলত। যোৱা বছৰৰ পৰাই টাইৱানক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে চীনে। টাইৱানক দীৰ্ঘদিনে শত্ৰু বুলি গণ্য কৰি অহা চীনে দেশখনক শংকিত কৰি তুলিবলৈ সামৰিক অনুশীলনো আৰম্ভ কৰিছে। চীন প্ৰশাসনৰ স্পষ্ট দাবী, টাইৱান চীনৰ অবিচ্ছেদ্য অংগ। দেশখনৰ এই অংশটোক পুনৰ একত্ৰিত কৰিব বিচাৰিছে চীনে। আনহাতে ৰাষ্ট্ৰপতি জিনপিঙৰ এই মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টাইৱানৰ গণতান্ত্ৰিক চৰকাৰে স্পষ্ট কৰি দিয়ে যে টাইৱানৰ ভৱিষ্যত দেশবাসীৰ হাতত। চীনৰ অংগ ৰাজ্য হোৱাৰ পৰিৱৰ্তে স্বাধীনভাৱেই জীয়াই থাকিব খোজে টাইৱানবাসীয়ে। উল্লেখ্য যে, যোৱা বছৰ টাইৱানৰ নিৰ্বাচনৰ পিছৰে পৰা তিনিবাৰকৈ সামৰিক অভিযান চলাই দেশখনক নিজৰ নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা চলাই আহিছে চীনে। চীনৰ এই স্থিতিক লৈ আন্তঃৰাষ্ট্ৰীয় মহলতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ভয়ংকৰ ঘটনা

দিনতো সুৰক্ষিত নহয় নেকি গুৱাহাটী? সন্তানক অকলে এৰি দিয়াৰ...

ভাৰতৰ জন্মৰ হাৰ নিম্নগামী হোৱাত উদ্বিগ্ন ইলন মাস্ক

ভাৰতৰ জন্মৰ হাৰ নিম্নগামী হোৱাত উদ্বিগ্ন ইলন মাস্ক। সামাজিক...

প্ৰচণ্ড গৰমৰ পৰা সকাহ, মহানগৰীৰ প্ৰান্তে প্ৰান্তে বৰষুণ….

প্ৰচণ্ড গৰম, ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি...

ডুবাইৰ দুৰ্ঘটনাত ৯জনকৈ লোকৰ মৃত্যু, নিহতসকলৰ ভিতৰত আছে কেইবাজনো ভাৰতীয়

ডুবাইৰ এমিৰেটছ ৰোডত সোমবাৰে সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা।...