বিদ্যুৎ বিল পৰিশোধ নকৰিলে দৰমহা নাপাব চৰকাৰী কৰ্মচাৰীয়ে

গুৱাহাটী, ১৯ জুন, NKTV: বিদ্যুৎ বিল পৰিশোধ নকৰিলে দৰমহা নাপাব চৰকাৰী কৰ্মচাৰীয়ে। কৰ্মচাৰী সকলে দাখিল কৰিব লাগিব বিদ্যুৎ বিল পৰিশোধৰ প্ৰমাণপত্ৰ। এক নিৰ্দেশনাযোগে এই কথা সদৰী কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ APDCLয়ে। ৩০ জুনৰ ভিতৰত অনাদায়ী বিল সমূহ পৰিশোধ কৰিব লাগিব কৰ্মচাৰী সকলে।

সোমবাৰে এক সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি শক্তি বিভাগে ৰাজ্যখনত যিমান গ্রাহকক বিদ্যুৎ যোগান ধৰে, তাৰ বিপৰীতে প্রতিমাহে ৩০০ কোটি টকা ৰাজহ কমকৈ লাভ কৰি আহিছে। বিদ্যুৎ চুৰি, প্রকৃত বিদ্যুৎ বিল আদায় নিদিয়াৰ বাবেই প্রতিমাহে বিভাগটোৱে এই বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হৈ আহিছে। ড০ শর্মাই কয় যে বিদ্যুৎ বিলৰ মাচুল শক্তি বিভাগৰ তিনিওটা কোম্পানীয়ে কৰা আয় আৰু ব্যয়ৰ ওপৰত নির্ধাৰিত হয়। যদি কোনো গ্রাহকে প্রকৃত বিদ্যুৎ বিল আদায় নিদিয়ে, বিদ্যুৎ পৰিষদে সেই বোজা সর্বসাধাৰণ ৰাইজলৈ ঠেলি দিয়ে।

উল্লেখযোগ্য যে, বিদ্যুৎ চুৰি আৰু মাচুল অনাদায়ৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে শক্তি বিভাগ তথা অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL), অসম শক্তি উৎপাদন নিগম লিমিটেড (APGCL) আৰু অসম বিদ্যুৎ সংবহন নিগম লিমিটেড (AEGCL)।

তেনে অৱস্থাত বিদ্যুৎ পৰিষদে অসম বিদ্যুৎ নিয়ামক আয়োগক তেওঁলোকৰ লোকচানৰ বিষয়ে অৱগত কৰি লোকচানৰ জোৰা মৰাৰ ব্যৱস্থা কৰিবলৈ আবেদন জনায়৷ ফলত নিয়মিত ৰূপত বিদ্যুৎ বিল আদায় দি অহা সৎ গ্রাহকসকলে চুৰি কৰা আৰু বিল আদায় নিদিয়া গ্রাহকসকলৰো বিদ্যুতৰ বিল আদায় দিবলগীয়াত পৰে। অর্থাৎ বিদ্যুৎ চুৰি আৰু প্রকৃত বিদ্যুতৰ বিল আদায় নিদিয়াসকলৰ বাবেই বিদ্যুৎ মাচুলৰ নিৰিখ বৃদ্ধি পায়।

NKTV Digital
Author: NKTV Digital

4 COMMENTS

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...