সামাজিক মাধ্যমত মহিলা সাংবাদিকৰ ফটো ব্যৱহাৰ কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবী অসম মহিলা সাংবাদিক মঞ্চ‌ৰ

দুষ্কৃতিকাৰীৰ টাৰ্গেট হৈ পৰিছে মহিলা সাংবাদিকে   সামাজিক মাধ্যমত আপলোড কৰা ফটো। মহিলা সাংবাদিকৰ ফটো ব্যৱহাৰ কৰি দুষ্ট চক্ৰই অসাধু ব্যৱসায় আৰম্ভ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে মহিলা সাংবাদিকৰ ফটো ব্যৱহাৰ কৰি অসৎ বেহা চলোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে অসম মহিলা সাংবাদিক মঞ্চ‌ই।

উল্লেখ্য যে চাইবাৰ অপৰাধীৰ লক্ষ্য হৈ পৰা মহিলা সাংবাদিকৰ তালিকাত আছে বহু কেইগৰাকী জ্যেষ্ঠ সাংবাদিকৰ ফটো। আনহাতে কেবাগৰাকী অভিনেত্ৰী-সাংবাদিক-কনটেণ্ট ক্ৰিয়েটৰ-গায়িকাও এনে অপৰাধীৰ লক্ষ্য হোৱা দেখা গৈছে।   আমাৰ হাতত পৰা তথ্য অনুসৰি  বিভিন্ন সংবাদ মাধ্যমৰ বহু কেইগৰাকী মহিলা সাংবাদিকৰ ফটো দেখিবলৈ পোৱা গৈছে  সামাজিক মাধ্যমৰ  পেজত। Assamese Girls Online আৰু Assamese Beautiful Girls নামৰ দুটা ফেচবুক পেজে মহিলা সাংবাদিকৰ ফটো ব্যৱহাৰ কৰি এক অনৈতিক ব্যৱসায় চলাই আহিছে। সেই ফটো দেখি একাংশই যোগাযোগ কৰে পেজটোৰ সৈতে। তাৰ পিছতেই আৰম্ভ হয় অনৈতিক ব্যৱসায়।

কেইবাগৰাকী ভুক্তভোগীয়ে গুৱাহাটীৰ চাইবাৰ থানাত এজাহাৰ দিয়াৰ পাছতেই আৰক্ষীয়ে দুষ্ট চক্ৰটোৱে ব্যৱহাৰ কৰা ফোন নম্বৰৰ পম খেদি গুৱাহাটীৰ হাতীগাঁৱৰ এখন ইউনিছেক্স পাৰ্লাৰত এনে ঘটনা সংঘটিত হোৱাৰ তথ্য লাভ কৰে। অসাধু চক্ৰৰ দ্বাৰা চলি অহা এনে অনৈতিক কাণ্ডৰ  এই সমগ্র ঘটনাৰ উচিত তদন্ত বিচাৰিছে অসম মহিলা সাংবাদিক মঞ্চ‌ই। এক বিবৃতিৰ জৰিয়তে  আজি মঞ্চই  সংশ্লিষ্ট প্ৰশাসনীয় কৰ্তৃপক্ষৰ ওচৰত অতি শীঘ্ৰে অপৰাধীৰ চক্ৰ উৎখাত কৰাৰ দাবী উত্থাপন কৰে।

Popular

More like this
Related

দিল্লী কেপিটেলছৰ বলিং প্ৰশিক্ষক মুনাফ পেটেলক জৰিমনা বিহিলে BCCIয়ে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল) এক গুৰুত্বপূৰ্ণ ঘটনাত দিল্লী কেপিটেলছৰ...

BGTৰ বিপৰ্যয়ৰ পিছত ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক অভিষেক নায়াৰ, ফিল্ডিং প্ৰশিক্ষক টি দিলীপক বৰ্খাস্ত কৰিলে BCCIয়ে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) অষ্ট্ৰেলিয়া Tourত ভাৰতীয় দলৰ...

IPLৰ সৈতে সংযুক্ত অংশীদাৰসকলক এজন ‘সন্দেহজনক’ ব্যৱসায়ীৰ পৰা সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ BCCIৰ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল)...