অৰুণাচল প্ৰদেশৰ ল’ৱাৰ দিবাং ভেলী জিলাৰ ৰয়িংত পুনৰ বাঘৰ আতংকই দেখা দিছে। ৰয়িং আৰক্ষী থানাৰ অন্তৰ্গত তিৱাৰীগাঁৱত এটা পূৰ্ণবয়স্ক ৰয়েল বেংগল টাইগাৰ প্ৰত্যক্ষ কৰাৰ পাছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
ৰয়িংৰ মেহাও বন্যপ্ৰাণী অভয়াৰণ্য বিভাগৰ ডি এফ অ’ মিটো ৰুমিয়ে বাঘৰ উপস্থিতিৰ কথা নিশ্চিত কৰিছে। ঘটনাৰ পাছতে বন বিভাগৰ এটা দল নিয়োগ কৰা হৈছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে আনিনিৰ পৰা বাইকেৰে আহি থকা অৱস্থাত বাঘৰ আক্ৰমণত এগৰাকী আৰক্ষী কনিষ্টবলৰ মৃত্যু হৈছিল। পুনৰ জনবসতিপূৰ্ণ অঞ্চলৰ ওচৰত বাঘৰ অৱস্থিতি ধৰা পৰাত স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে।
ইফালে, ১৪ অক্টোবৰত ৰয়িং–আনিনি পথৰ ১৯ৰ পৰা ২৩ কিলোমিটাৰ অংশত বাঘৰ উপস্থিতি ধৰা পৰাৰ পাছত মেহাও বন্যপ্ৰাণী অভয়াৰণ্য বিভাগে ৰাজহুৱা সতৰ্কবাণী জাৰি কৰিছিল। উক্ত পথছোৱাত দুচকীয়া বাহনৰ চলাচল নিষিদ্ধ কৰাৰ লগতে বাহনৰ পৰা ননমা, খিৰিকী বন্ধ ৰখা আৰু ওচৰৰ বনাঞ্চলত প্ৰৱেশ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
বন বিভাগে ৰাইজক সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু বাঘৰ নতুন উপস্থিতি দেখা পালে বিভাগটোক অৱগত কৰিবলৈ আহ্বান জনাইছে।
