BCCIৰ সচিব পদত দেৱজিৎ শইকীয়া

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ। BCCIৰ সচিব পদত দেৱজিৎ শইকীয়া। ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোৰ শীৰ্ষ পদবীত প্ৰথম অসমীয়া। BCCIৰ যুটীয়া সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল শইকীয়াই। এদিন পূৰ্বে ICCৰ ব’ৰ্ড ডাইৰেক্টৰৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছে শইকীয়াই। BCCIৰ সচিব জয় শ্বাহৰ স্থলাভিষিক্ত হিচাপে দায়িত্ব লাভ দেৱজিৎ শইকীয়াৰ। অহাবৰ্ষৰ ছেপ্টেম্বৰলৈকে BCCIৰ সচিব পদত থাকিব শইকীয়া। ছেপ্টেম্বৰৰ পিছত পূৰ্ণকালীন সচিব নিযুক্ত হ’ব। অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক আছিল শইকীয়া। দেৱজিৎ শইকীয়া আছিল এজন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাৰ লগতে বৰ্তমান অসম চৰকাৰৰ মহাধিবক্তা হিচাপেও দায়িত্ব পালন কৰি আছে তেওঁ। দেৱজিৎ শইকীয়াৰ এই বাতৰিয়ে অসম ক্ৰিকেট সন্থাত আনন্দ কঢ়িয়াই আনিছে। অসংখ্যজনে জনাইছে শুভ কামনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...