প্ৰেম প্ৰত্যাখ্যানৰ ভয়ংকৰ পৰিণতি, কিশোৰীৰ গাত এচিড ঢালিলে নৰপিশাচ ছামিনুলে

জঘন্য, পাশৱিক, অমানৱীয়! ৰাজ্যত পুনৰ এচিড আক্ৰমণৰ ঘটনা। ৩০ নৱেম্বৰত হাজোৰ হাবলাখাত সংঘটিত হৈছিল গাৰ নোম শিয়ৰি উঠা ঘটনাটো। প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই অষ্টম শ্ৰেণীৰ ছাত্ৰীক এচিড আক্ৰমণ কৰিলে ছামিনুল আলী নামৰ নৰপিশাচটোৱে। আইতাকৰ ঘৰৰ পৰা ঘৰলৈ আহি থকা অৱস্থাতে সংঘটিত হৈছিল এচিড আক্ৰমণৰ ঘটনা। সম্প্ৰতি কেন্দ্ৰীয় কাৰাগাৰত ছামিনুল আলী। আনফালে অতি সংকটজনক অৱস্থাত GMCHত চিকিৎসাধীন হৈ আছে কিশোৰীগৰাকী। এচিড আক্ৰমণত ৭০/৮০ শতাংশ দেহ জ্বলিছে কিশোৰীগৰাকীৰ। পৰিয়ালৰ দাবী চৰকাৰে উচিত শাস্তি দিয়ক অভিযুক্ত ছামিনুলক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...