ৰাজস্থান ৰয়েলছৰ গৰাকী মনোজ বাদালেক ‘মিছন স্মাইল’ৰ আন্তৰ্জাতিক সন্মান

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছৰ গৰাকী তথা দেশৰ আগশাৰীৰ ব্যৱসায়ী মনোজ বাদালেক আন্তৰ্জাতিক স্বেচ্চাসেৱী সন্থা ‘মিছন স্মাইলে’ বিশ্বৰ লক্ষ্যাধিক শিশুৰ ফটা ওঠ আৰু তালুৰ সফল অস্ত্ৰোপচাৰ সম্পূৰ্ণ কৰি তোলাৰ কামত নিৰলস সহায় আগবঢ়োৱাৰ বাবে সন্মান প্ৰদান কৰিছে৷

শিশু দিৱসৰ দিনাই স্মাইল এছিয়াৰ প্ৰতিনিধিৰ অংশগ্ৰহণৰে গুৱাহাটীত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজস্থান ৰয়েলছৰ গৰাকী মনোজ বাদালেক ‘মিছন স্মাইলে’ আনুষ্ঠানিকভাবে আন্তৰ্জাতিক সন্মান প্ৰদান কৰে৷ অৱশ্যে অনুষ্ঠানত বাদালে নিজে উপস্থিত থাকিব নোৱাৰাত তেওঁৰ হৈ বঁটা গ্ৰহণ কৰে ৰশ্মি তানেজাই৷ অনুষ্ঠানত বাদালেৰ এক ভিডিঅ’ বাৰ্তা সম্প্ৰচাৰ কৰা হয়৷ ‘মিছন স্মাইলে’ক ধন্যবাদ জনাই আগলৈও তেওঁ শিশুৰ মুখত হাঁহি আৰু আশাৰ প্ৰতিচ্চবি মুখৰিত কৰাৰ কামত সম্পূৰ্ণৰূপে সহযোগ কৰিব বুলি কয়৷ উল্লেখ্য যে বাদালে মিছন স্মাইলৰ অনিৰুদ্ধ যাত্ৰাত ব্যক্তিগতভাবে সৰ্বাধিক আৰ্থিক সাহায্য প্ৰদান কৰিছে৷

মিছন স্মাইলৰ গুৱাহাটী কম্প্ৰেইহেন্সিভ ক্লেফ্‌ট কেয়াৰ চেণ্টাৰে আয়োজন কৰা অনুষ্ঠানত প্ৰায় ১৫ খন দেশৰ প্ৰতিনিধিয়ে অংশ লৈছিল৷ অনুষ্ঠানত উপস্থিত থাকে ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰ, স্মইল এছিয়াৰ ব্ৰেণ্ড এম্বাছাদৰ অংগৰাগ পাপন মহন্ত, অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, আৰক্ষী অধিক্ষক জি পি সিং, এ চি এৰ সভাপতি তৰংগ গগৈ আদি৷

ইফালে, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অনুপস্থিতিত তেওঁৰ বঁটা গ্ৰহণ কৰে মন্ত্ৰী কেশৱ মহন্ত আৰু ৰিণিকি ভূঞা শৰ্মাই৷ উল্লেখ্য যে মিছন স্মাইলৰ গুৱাহাটীৰ কেন্দ্ৰই সমগ্ৰ উত্তৰ-পূব ভাৰতত ২৫ হেজাৰ ওঁঠ আৰু তালুৰ সফল অস্ত্ৰোপচাৰ সম্পূৰ্ণ কৰিছে৷ গুৱাহাটীত হোৱা ১৮ সংখ্যক স্মাইল এছিয়া কাউন্সিল সন্মিলনৰ লগত সংগতি ৰাখি চেণ্টাৰে এই অনন্য কৃতিত্ব উদযাপন কৰে৷ ২০১০ চনত অসমত মিছন স্মাইলৰ প্ৰতিষ্ঠা কৰিছিল ৰঞ্জিত বৰঠাকুৰে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...