G-20 বৈঠকত মুখামুখি হৈ বহিল ভাৰত-চীনৰ বিদেশ মন্ত্ৰী, ৪ বছৰীয়া অচলাৱস্থাৰ অৱসান

বৰফ গলিছে ভাৰত আৰু চীনৰ মাজত। সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা ক্ৰমাৎ আঁতৰিছে দুয়ো দেশৰ সেনা। গালৱানৰ সংঘৰ্ষ এতিয়া অতীত হ’ল, দীপাৱলীত সীমান্তত চীনা সেনাৰে মিঠাই বিনিময় ভাৰতীয় সেনাৰ। শেহতীয়াকৈ ব্ৰাজিলত অনুষ্ঠিত হৈ থকা G-20 শীৰ্ষ সন্মিলনৰ মাজতে চীনৰ বৈদেশিক মন্ত্ৰীৰে পোনপটীয়া বৈঠকত মিলিত হ’ল ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয় শংকৰ।
অতীত হ’ল গালৱানৰ ভাৰত–চীনা সেনাৰ সংঘৰ্ষ
দুই দেশৰ মাজত ৪ বছৰীয়া অচলাৱস্থাৰ অৱসান
অক্টোবৰত নৰেন্দ্ৰ মোদী-জিন পিঙৰ বৈঠকত ঐক্যমত
যোৱা দীপাৱলীত ভাৰত–চীন সীমান্তত সেনাৰ মাজত মিঠাই বিনিময়
ব্ৰাজিলৰ G-20 বৈঠকত মুখামুখি হৈ বহিল দুই দেশৰ বিদেশ মন্ত্ৰী


ব্ৰাজিলৰ ৰাজধানী ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত G-20 শীৰ্ষ সন্মিলনত পাৰ্শ্ব বৈঠকত চীনৰ বিদেশ মন্ত্ৰী ৱাং ইৰ সৈতে মিলিত হৈছে ভাৰতীয় বিদেশ মন্ত্ৰী এছ জয় শংকৰ। ভাৰত–চীন সীমান্ত সমস্যাৰ কিছু সমাধানৰ পিছত প্ৰথমবাৰলৈ মিলিত হ’ল দুই দেশৰ বিদেশ মন্ত্ৰী।

সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা সেনা অপসাৰণৰ প্ৰসংগক লৈ আলোচনা দুই বিদেশ মন্ত্ৰীৰ

২০২২চনৰ জুন মাহত গালৱানত ভাৰতীয় আৰু চীনা সেনাৰ হতাহতিত উভয় দেশৰ বহু সেনা নিহত হোৱাৰ পিছত উভয় দেশৰ মাজৰ সম্পৰ্কত যতি পৰিছিল। সম্পৰ্ক তিক্ত হৈছিল দুই দেশৰ মাজত। পৰৱৰ্তী পৰ্যায়ত একাধিক আলোচনাৰ অন্তত ৰাছিয়াত অনুষ্ঠিত ব্ৰিকছৰ শীৰ্ষ সন্মীলনত চীনৰ প্ৰধানমন্ত্ৰী জিন পিঙৰ সৈতে আলোচনাত বহিছিল প্ৰধানমন্ত্ৰী মোদী। তাৰ ফলশ্ৰুতি হিচাপে অনুষ্ঠিত হয় ভাৰত–চীনৰ বিদেশ মন্ত্ৰীৰ মাজত সোমবাৰৰ বৈঠকত। ইতিমধ্যে ভাৰত–চীনৰ মাজত সম্পাদিত চুক্তি অনুসৰি ডেপচাং, ডেমছক আদি এলেকাৰ পৰা পশ্চাতগমন কৰিবলৈ আৰম্ভ কৰে চীনা সেনাই।

বিগত ৪ বছৰত সীমান্তত নিৰ্মাণ কৰা অস্থায়ী সেনা ছাউনী উঠাই দিয়াৰ সিদ্ধান্ত

ইফালে G-20 শীৰ্ষ সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে দক্ষিণ বিশ্বক অধিক অগ্ৰাধিকাৰ দিবলৈ G-20ৰ অন্তৰ্গত দেশসমূহৰ নেতৃবৰ্গক আহ্বান জনাইছে। মোদীয়ে ভাষণ প্ৰসংগত কয় যে দক্ষিণ বিশ্বৰ দেশসমূহ অধিক আক্ৰান্ত হৈছে খৰাং, বানপানী আদি প্ৰাকৃতিক দুৰ্যোগত। লগতে তেওঁ এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যৎ বাণীৰে আগবঢ়াৰ বাবেও বিশ্বৰ নেতৃবৰ্গলৈ আহ্বান জনায়।

ৰিঅ’ত বিভিন্ন দেশৰ নেতৃবৰ্গৰে সুকীয়া বৈঠকত বহিল প্ৰধানমন্ত্ৰী মোদী
বৈঠকত মিলিত হ’ল ইংলেণ্ড, ফ্ৰান্স, ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে
সুকীয়া বৈঠকত বহিল ইণ্ডোনেছিয়া, ন’ৰৱে, পৰ্তুগালৰ প্ৰধানমন্ত্ৰীৰে


দুদিনীয়া G-20 শীৰ্ষ সন্মিলন সামৰি প্ৰধানমন্ত্ৰী মোদী ৰাওনা হ’ব প্ৰশান্ত মহাসাগৰীয় দেশ গুৱেনা অভিমুখে। উল্লেখ্য যে ৫০ বছৰৰ পিছত গুৱেনা ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সুৰেৰে অসমবাসীৰ মাজত আজিও অমৰ ‘ৰাণাদা’; কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ পূণ্যতিথিত স্মৰণ অসমবাসীৰ

অসমীয়া সংগীত জগতৰ এগৰাকী অনন্য প্ৰতিভা, দৰদী কণ্ঠশিল্পী, সুৰকাৰ...

বাংলাদেশলৈ ২০০টা ৰে’লৰ ডবা যোগান ধৰিব ভাৰতে; প্ৰথম ১৮টা প্ৰেৰণ

ভাৰত আৰু বাংলাদেশৰ মাজত ৰে’ল যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ...

মহানগৰী গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ, গুলীবিদ্ধ ২ চিলনী চোৰ

গুৱাহাটী মহানগৰীত আৰক্ষীৰ গুলীত আহত হৈছে দুই অভিযুক্ত চিলনী...