মহাৰাষ্ট্ৰৰ প্ৰথমখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰীৰ আক্ৰমণ বিৰোধীক

‘কংগ্ৰেছ অসত্যৰ দোকান’। মহা বিকাশ আঘাড়ীয়ে পাকিস্তানৰ এজেণ্ডা লৈছে! মহাৰাষ্ট্ৰৰ প্ৰথমখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰীৰ আক্ৰমণ বিৰোধীক।

ৰাহুল গান্ধীৰ প্ৰেমৰ দোকানত অসত্যৰ দোকান। ২০ নৱেম্বৰত মহাৰাষ্ট্ৰত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰত নামিল প্ৰধানমন্ত্ৰী মোদী। শুকুৰবাৰে ধুলেত প্ৰথমখন নিৰ্বাচনী সভা সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে। NDA প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল প্ৰধানমন্ত্ৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি ল’লে ৰাহুল গান্ধীক। ৰাহুল গান্ধীৰ হিংসাৰ বজাৰত প্ৰেমৰ দোকান খোলা কংগ্ৰেছৰ শ্ল’গানক নসাৎ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে কংগ্ৰেছে অসত্যৰহে দোকান খুলিছে।

কাশ্মীৰৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে ‘ইণ্ডিয়া’! জম্মু-কাশ্মীৰৰ নিৰ্বাচনত বিৰোধীয়ে ভুৱা প্ৰতিশ্ৰুতি দিছিল। ৩৭০ ধাৰা পুনৰ বলৱৎ কৰিম বুলি মিছা কথা কৈছিল। পাকিস্তানৰ এজেণ্ডা লৈ বিৰোধীয়ে ৰাজনীতি কৰাৰ অভিযোগ কৰি প্ৰধানমন্ত্ৰীয়ে মহা বিকাশ আঘাড়ীক এনে নকৰিবলৈ আহ্বান জনায়। মহাৰাষ্ট্ৰত প্ৰধানমন্ত্ৰীয়ে নখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। মহাৰাষ্ট্ৰৰ নিৰ্বাচনী যুঁজে আকৰ্ষণীয় ৰূপ লৈছে শাসক-বিৰোধী জপিয়াই পৰিছে প্ৰচাৰত। শিৱসেনাৰ একনাথ সিন্দে গোট, NCPৰ অজিত পাৱাৰ গোটে মহাযুটী জোঁট গঠন কৰি মহা বিকাশ আঘাড়ীৰে যুঁজিবলৈ কঁকালত টঙালি বান্ধিছে। শাৰদ পাৱাৰ, উদ্ধৱ থাকৰেৰ নেতৃত্বত যোৰ-দাৰ প্ৰকাশ চলাইছে মহা বিকাশ আঘাড়ীয়ে। ইয়াৰ লগতে শুকুৰবাৰৰ পৰা নিৰ্বাচনী প্ৰচাৰত নামে প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী প্ৰচাৰে মহাৰাষ্ট্ৰত পুনৰ বিজেপি, সিন্দে সেনা আৰু অজিত পাৱাৰৰ NCPক পুনৰ ক্ষমতালৈ আনিব বুলি আশা কৰিছে শাসকীয় পক্ষই।

Popular

More like this
Related

পঞ্জাৱ কিংছৰ বিৰুদ্ধে আত্মবিশ্বাসী ৰাজস্থান ৰয়েলছ

এশ শতাংশ সুস্থ নথকাৰ বাবে চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ...

ঋতম্ভৰা গোষ্ঠীৰ উদ্যোগত চানমাৰী কলনীত ব’হাগী উৎসৱ মেলাৰ শুভাৰম্ভ

বীণা বৰদলৈ উদ্যমী বঁটা জাহাজ নিৰ্মাতা অঞ্জলী বৰাক প্ৰদান অসমীয়াৰ...

৬ সপ্তাহৰ ভিতৰত বন্ধ হ’ব বাইক টেক্সি সেৱা (Rapido, Ola, Uber)!

৬ সপ্তাহৰ ভিতৰত বাইক টেক্সি সেৱা বন্ধ হ'ব কৰ্ণাটকত।...

২০২০ চনৰ পিছত আন এক ভয়ংকৰ পতন, ট্ৰাম্পৰ কৰ বৃদ্ধিক লৈ অস্থিৰতাত আমেৰিকাৰ শ্বেয়াৰ বজাৰ

ট্ৰাম্পৰ কৰ আৰোপৰ ফলত ভাৰতৰ শ্বেয়াৰ বজাৰে বৃহস্পতিবাৰে বৃহৎ...